অসম

হিমন্তৰ দম্ভালি! আপোনালোকে কাৰোবাক ভয় কৰিব পাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাকোৱে নকৰে, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ "সৰ্থেবাৰীত আজিৰে পৰা উন্নয়নৰ নতুন দিগন্ত আৰম্ভ হ'ল। আমি বিকাশৰ পথেৰে অসমক আগুৱাই নিব বিচাৰোঁ। সমস্যা আৰু প্ৰত্যাহ্বানক নেওচি আমি বিকাশৰ স্তম্ভ স্থাপন কৰিব বিচাৰিছোঁ।" মঙলবাৰে সৰ্থেবাৰীত উপ-কোষাগাৰৰ কাৰ্যালয় মুকলি কৰি ৰাজহুৱা সভাত এই মন্তব্য কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সৰ্থেবাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই উপ-কোষাগাৰ মুকলি কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্থেবাৰীৰ বাবে আজিৰ এই দিনটো এক শুভ দিন বুলিও মন্তব্য কৰে। এই কাৰ্যালয় মুকলি কৰাৰ পিছতে সৰ্থেবাৰীৰ সভাৰ খলাত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত সৰ্থেবাৰী পাঁচ খেল গঞা গয়ৰহৰ লগতে সৰ্থেবাৰী পৌৰ সভা, অসম সমবায় কঁহাৰ সংঘ আৰু কেইবাটাও অনুষ্ঠানে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গামোচা, চেলেং, শৰাই, কাঁহৰ নাগফেটী বঁটা আৰু ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

এই সম্বৰ্দ্ধনা সভাত বৰপেটা জিলাৰ নৱনিযুক্ত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বিদায়ী আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱী, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰকে আদি কেইবাজনো লোকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। জিলা জনসংযোগ বিষয়া ত্ৰিদিবনন্দন বৰাই আঁত ধৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সমাজকৰ্মী বাণীকান্ত ভূঞাই।

সভাত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে নৱনিযুক্ত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাইও ভাষণ প্ৰদান কৰে। এই সভাতে বাণীকান্ত ভূঞাই সৰ্থেবাৰীস্থিত ত্ৰিশখন বিছনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়ৰ সমস্যা সম্পৰ্কে ব্যক্ত কৰাৰ লগতে এই চিকিৎসালয়খন এশখন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ দাবী জনায়। সভাত ভাষণ দি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুখনকৈ নতুন আঁচনি ঘোষণা কৰি কয় যে- অসম মালা নামৰ নতুন আঁচনিৰ জৰিয়তে ৰাজ্যিক ঘাইপথ তথা গুৰুত্বপূৰ্ণ পথসমূহ উন্নীতকৰণ কৰাৰ লগতে ৰাজ্যৰ পথৰ উন্নয়নৰ বাবে পাঁচ হাজাৰ কোটি টকা খৰচ কৰা হ'ব। একেদৰে অসম দৰ্শন নামৰ নতুন আঁচনিৰ জৰিয়তে অসমৰ সত্ৰ, মঠ-মন্দিৰ আৰু দৰগাহৰ একেলগে উন্নয়ন কৰা হ'ব বুলিও ঘোষণা কৰে।

একেদৰে নামৰূপ শোধনাগাৰত শোধন ক্ষমতা তিনিগুন বৃদ্ধি কৰাৰ লগতে অসমৰ তেল বাৰাউনিলৈ নিয়াৰ সলনি এতিয়া বাহিৰৰ পৰা অসমলৈ তেল আৰু গেছ অনা হ'ব বুলিও ঘোষণা কৰে। ভাৰত এখন  হিন্দু ৰাষ্ট্ৰ বুলি মন্তব্য কৰাৰ লগতে ধৰ্মনিৰপেক্ষ এক সাংবিধানিক শব্দ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে আজিৰ সভাতেই সৰ্থেবাৰীৰ এক অভাব পূৰণৰ বাবে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ এক কোটি টকা ঘোষণা কৰে।

একেদৰে অসম মালা আঁচনিৰ জৰিয়তে ডঃ জিনাৰাম পথ নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলিও মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। একেদৰে অসমৰ বৃদ্ধসকলক সন্মান জনাই বৃদ্ধ পেন্সন সাৰ্বজনীন কৰি একে বছৰত ষোল্ল লাখ লোকলৈ একেলগে পেন্সন আগবঢ়োৱাৰ ব্যবস্থা কৰা বুলিও মন্তব্য কৰে।

কাহঁ শিল্পীৰ ঋণ ৰেহাইৰ বাবেও চিন্তা কৰা হ'ব বুলি ঘোষণা কৰে। কাহঁশিল্প নগৰী সৰ্থেবাৰীৰ বাবে আজিৰ এই দিনটো সচাকৈয়ে এক স্মৰণীয় দিন হৈ ৰ'ব বুলি স্থানীয় ৰাইজে মন্তব প্ৰকাশ কৰে। আনহাতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত মইনবড়ী সত্ৰ সন্দৰ্ভত পুনৰ বিস্ফোৰণ ঘটাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে গৰাখহনীয়াৰ বাবে নহয়; অত্যাচাৰৰ বাবেহে স্থানান্তৰিত হৈছিল মইনবড়ী সত্ৰ। মইনবড়ীত উপ নহয় মহা সত্ৰ হ'ব লাগিব বুলি উল্লেখ কৰি সাংবাদিকক উদ্দেশ্য কৰি কয় যে, আপোনালোকে কাৰোবাক ভয় কৰিব পাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই নকৰে।