অসম

শীঘ্ৰেই পাঠদান আৰম্ভ হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: 'শীঘ্ৰেই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হোৱাটো মই ব্যাক্তিগতভাৱে কামনা কৰো । ইতিমধ্যে গৃহ মন্ত্ৰানলয়ে এই সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে। ৰাজ্য চৰকাৰে অতি সোনকালেই শিক্ষাবিদ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষৰ সতে আলোচনা কৰি বৌদ্ধিক জগতৰ মতামত গৃহ মন্ত্ৰণালয়ক অৱগত কৰিব। যিমান সোনকালে পাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হোৱাটো মই কামনা কৰো।'- এই মন্তব্য প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

কোৰোনাতংকৰ মাজতে মঙলবাৰে ধুবুৰী জিলা পৰিভ্ৰমণ কৰাৰ অন্তত কোকৰাঝাৰত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰদান কৰিছে। কোকৰাঝাৰত ৩০০০ লোক কোৱাৰেণ্টাইন হৈ আছে আৰু কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ৮০ গৰাকী কোৰোনা ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই কয় যে- অহা ৫ জুনৰ পৰা চিৰাং আৰু বাক্সাত কোৱাৰেইণ্টাইন চেণ্টাৰৰ আৰম্ভ হ'ব আৰু তাৰ পিছতে কোকৰাঝাৰত ভিৰ কমিব বুলি মন্তব্য কৰে ।

কোকৰাঝাৰত অতিৰিক্তভাৱে লেবৰেটৰী টেকনিচিয়ান দিয়াৰ কথা সদৰি কৰি এতিয়াৰে পৰা তিনি চাৰিদিনৰ ভিতৰত টেষ্ট ৰিপৰ্ট দিব পৰা যাব বুলি সদৰি কৰি মন্ত্ৰী শৰ্মাই হোম কোৱাৰেণ্টাইন কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। কোৰোনাৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজত সকলোৰে অৱদানক প্ৰশংসা কৰি হিমন্ত বিশ্ব শৰ্মাই সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ পুনৰ আহ্বান জনায়।

উল্লেখ্যে যে, মঙলবাৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত উপস্থিত হৈয়ে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে মিলিত হৈ কোৰোনা আৰু কোৱাৰেণ্টাইন সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ সতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত থাকে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত উপায়ুক্ত ভাস্কৰ ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱাল, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব আদিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল।