অসম

গুৱাহাটীত কোৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত চৰকাৰ, দেওবাৰে বিয়লি স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল…

asomiyapratidin
  • গুৱাহাটীত শনিবাৰে ৭৭৭জন লোকৰ দেহত কোৰোনা ধৰা পৰাৰ পাছতে চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ।
  • লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ বাবে দিয়া নিৰ্দেশনা পুনৰ বিৱেচনা কৰাৰ কথা প্ৰকাশ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ।
  • দেওবাৰে প্ৰকাশ হ'ব নতুন নিৰ্দেশনা।
  • হয়তো বাতিল হ'ব পাৰে লকডাউন শিথিল কৰাৰ নিৰ্দেশনা।
  • দেওবাৰে সংবাদমেল সম্বোধন কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ সম্ভাৱনা।
  • কোৰোনা সন্দৰ্ভত সবিশেষ ক'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • বিয়লি ৪ বজাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব।
  • জনতা ভৱনত সংবাদমেল সম্বোধন কৰিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।