অসম

১০৮ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদক উপলুঙা স্বাস্থ্যমন্ত্ৰী হিমন্তৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্বাস্থ্য বিভাগৰ চৰম উদাসীনতাৰ ফলত মৃত্যুঘন্টা বাজিছে ৰাজ্যৰ জৰুৰীকালীন সেৱাত। কৰ্মচাৰীসকলৰ প্ৰতিবাদে ২১৬ ঘণ্টা অতিক্ৰম কৰাত একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ১০২ আৰু ১০৮ৰ সেৱা।

জিভিকে ইএমআৰআই কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ এই প্ৰতিবাদক গুৰুত্ব দিয়াৰ পৰিৰ্ৱতে চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি দিয়াৰ পাছতে আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰদান কৰে দায়িত্বহীন মন্তব্য।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত ভাগ লোৱাৰ পাছত সংবাদমাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয়, '১০৮ আৰু ১০২ কৰ্মচাৰী আৰু জিভিকে ইএমআৰআইৰ মাজত কি সমস্যা আছে আমি নাজানো আৰু জানিবলৈ চেষ্টাও কৰা নাই।'

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত জৰুৰীকালীন সেৱা নচলাৰ সময়ত চিকিৎসালয়লৈ অহা প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ১০০০ টকাকৈ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে।

উল্লেখ্য যে, সমগ্ৰ অসমত জৰুৰীকালীন সেৱা কৰ্মচাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কাণসাৰ দিয়া নাছিল চৰকাৰে। ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জ্বলা জুইত ঘিউ ঢলাৰ দৰেকৈ কৰা এনে মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদী কৰ্মচাৰীসকল।