অসম

আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বৰ্ণ জয় কৰি পুনৰ দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা হিমা দাসে। চেক গণৰাজ্যত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে হিমা দাসে। ২ জুলাইৰ পৰা বিগত ১৫ দিনত হিমাই লাভ কৰা সোণৰ পদকৰ সংখ্যা হৈছেগৈ ৫ টা।

শনিবাৰে পঞ্চমটো সোণৰ পদক হিমা দাসে লাভ কৰিছে ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি। হিমাৰ এই সফলতাৰ পিছতে তেওঁক ৰাজ্যৰ লগতে দেশবাসীয়ে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পূৰ্বে ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰিছিল হিমা দাসে। ২ জুলাই আৰু ৭ জুলাইত হিমা দাসে স্বৰ্ণ লাভ কৰিছিল পোলেণ্ডত। তাৰ পিছতে ১৩ জুলাইত চেক গণৰাজ্যত লাভ কৰিছিল তৃতীয়টো স্বৰ্ণ।