অসম

ৰাজ্যিক অতিথিৰ মৰ্যাদা, ধিঙৰ ঘৰলৈ কেতিয়া যাব হিমা?

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যিক অতিথিৰ মৰ্যাদাৰে আজি গুৱাহাটীতে নিশা কটাব স্বৰ্ণ কন্যা হিমা দাস। শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হোৱা হিমাক চৰকাৰৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনাও জনোৱা হয়।

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ স্বৰ্ণ জয়ী হিমাক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানটোত ইতিপূৰ্বে ঘোষণা কৰা অনুযায়ী ১.৬ কোটি টকাৰ চেক প্ৰদান কৰা হয় হিমাক। লগতে অসমৰ ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰৰ অফাৰ লেটাৰো হিমাক প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব লক্ষ্য কোঁৱৰে জনোৱা মতে, শনিবাৰে হিমাই সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছতে নিৰ্ধাৰণ কৰা হ'ব হিমাৰ পৰৱৰ্তী সূচী।

সকলো ঠিকে-ঠাকে থাকিলে ৯ ছেপ্তেম্বৰত হিমাই ভৰি থব পাৰে জন্মস্থান ধিঙৰ আপোন ঘৰখনত। আনহাতে ১০ ছেপ্তেম্বৰত লতাশিলত সদৌ অসম ছাত্ৰ সন্থাই সম্বৰ্ধনা জনোৱাৰ কথা আছে যদিও সেয়াও কাইলৈ সময়সূচী নিৰ্ধাৰণ হোৱাৰ পিছতহে নিশ্চিত হ'ব।

সচিবগৰাকীয়ে জনোৱা মতে, অহা ১১ অথবা ১২ ছেপ্তেম্বৰত প্ৰশিক্ষণ শিবিৰত ভাগ ল'বৰ বাবে পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব হিমা।