অসম

অসমবাসীৰ মৰম গামোচা, জাপি, শৰাই… কেনেদৰে ৰাখিছে স্বৰ্ণকন্যা হিমাইঃ VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ধিংঃ ৰাজ্যৰ দল-সংগঠনসমূহে অভিনন্দন জনাবলৈ প্ৰদান কৰা শৰাই, জাপি, গামোচা, সম্বৰ্ধনা পত্ৰৰে ভৰি পৰিছে হিমাৰ বাসগৃহ। এই সকলোবোৰ ভালকৈ থবৰ বাবে বৰ দেউতাকক এটা বিশেষ কোঠাৰ ব্যৱস্থা কৰি দিবলৈ কোৱা বুলিও নগাঁৱত উপস্থিত হৈ জনাইছিল এছিয়া জয়ী হিমাই।

অভিনন্দন নহয়, মৰম-আশীষহে বিচাৰে বুলি ক'লেও অসমক বিশ্ববাসীৰ সমুখত গৌৰৱান্বিত কৰি তোলা স্বৰ্ণ কন্যাক মৰম আৰু আশীষৰ চিন স্বৰূপেই ৰাজ্যৰ ভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে প্ৰদান কৰিছে শৰাই, জাপি, গামোচা, সম্বৰ্ধনা পত্ৰ আদি।

গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা অভিনন্দন অনুষ্ঠানতে অতি কমেও ১৬০ টা দল-সংগঠনে সম্বৰ্ধনা জনাইছিল হিমাক। সেই দিনা মঞ্চত হিমাৰ কাষত থকা মেজখন ভৰি পৰিছিল গামোচা, জাপি, শৰাই আদিৰে।

ইয়াৰ পিছত নগাঁও আৰু জন্মস্থান ধিঙত উপস্থিত হোৱাৰ লগে লগে আৰু একাধিক দল-সংগঠনৰ পৰা হিমাই লাভ কৰে অনুৰূপ অভিনন্দনসূচক উপহাৰ। অসমত ভৰি থোৱাৰ সময়ৰে পৰা লাভ কৰা এনে অভিনন্দনসূচক উপহাৰ সামগ্ৰীৰে এতিয়া ভৰি পৰিছে হিমাৰ বাসগৃহৰ এটা কোঠা।এনে উপহাৰ সামগ্ৰীসমূহৰ ভিতৰত অধিকাংশই হৈছে অসমীয়াৰ আদৰৰ গামোচা।

অসমৰ ৰাইজৰ পৰা লাভ কৰা মৰমৰ এনে উপহাৰ সামগ্ৰীসমূহ ভালকৈ সংৰক্ষিত কৰাৰ লগতে গামোচাকে আদি কৰি কেতবোৰ উপহাৰ সামগ্ৰী বিশ্বৰ আন সফল আৰু প্ৰভাৱশালী খেলুৱৈসকলে নিলাম কৰি সেই ধন বিভিন্ন কল্যাণমূলক কামত ব্যৱহাৰ কৰাৰ দৰেকৈ হিমায়ো তেনেদৰে নিলামৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।