অসম

স্বৰ্ণ জয় কৰি আহি অসমৰ মাটিত হিমাৰ প্ৰথমটো খোজ, চাওক সেই মুহূৰ্তৰ দৃশ্য

asomiyapratidin

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ ৭ ছেপ্টেম্বৰত ঘূৰি আহিছিল হিমা। হিমাক ৰাইজে দিয়া মৰম-ভালপোৱা, সম্বৰ্ধনা, হিমাৰ নৃত্যক সকলোৱে দেখিলে। হিমাৰ ভাষণো সকলোৱে শুনিলে।

কিন্তু দিল্লীৰ পৰা আহি গুৱাহাটীত দুপৰীয়া ১ বজাত বিমানৰ পৰা নামি কিদৰে হিমাই ভৰি থৈছিল অসমৰ মাটিত। সেই দৃশ্য বন্দী কৰিছিল হিমা বিমানৰ পৰা নামি আহোতে। এয়া চাওঁক সেই দৃশ্য।

কাষত হিমাৰ প্ৰশিক্ষক । আৰু এইদৰেই হিমা নামি আহিছিল স্পাইছ জেটৰ এছ জি ১৫৯ নম্বৰৰ বিমানখনৰ পৰা। এনেকৈয়ে নামি আহি জাকাৰ্টাত স্বৰ্ণ জয় কৰা হিমাই অসমৰ মাটিত ভৰি থৈছিলহি। বিমান বন্দৰৰ ৰানৱে'ত সেই সময়ত আছিল কেইজনমানহে নিৰ্দিষ্ট ব্যক্তি। তাৰে এজনে বন্দী কৰি থৈছিল এই দৃশ্য।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক সেই মুহূৰ্তৰ এই আলোকচিত্ৰ দি তেওঁ জনালে- 'সংবাদমাধ্যমে সকলো দেখুৱালে। কিন্তু দেখুৱাব পৰা নাছিল স্বৰ্ণ জয় কৰি আহি অসমৰ ভূমিত হিমাই দিয়া প্ৰথমটো খোজৰ ছবি। মই বন্দী কৰিছিলো সেই দৃশ্য।'