অসম

৪ দিন গাঁৱৰ ঘৰত কটাই আজি ধিঙৰ পৰা উভতিল হিমা দাস

asomiyapratidin

ডিজিটেল ডেস্কঃ ধিঙৰ কান্ধুলীমাৰীত চাৰিদিন কটাই আজি পুৱা ৯.৪০মান বজাত ঘৰৰ পৰা উভতিল হিমা দাস। এছিয়ান গেমছত সোণৰ পদক দখলেৰে উজ্বলি উঠা হিমাক গৃহ জিলা নগাঁৱতো ৰাজকীয় আদৰণি জনোৱা হৈছে। ১১ ছেপ্টেম্বৰত নগাঁৱত উপস্থিত হোৱা হিমাই চাৰি দিন ধিঙৰ কান্ধুলীমাৰীৰ নিজ বাসগৃহত থকাৰ সময়তো বহু অনুষ্ঠানত ব্যস্ত হৈ আছিল।

তাৰ ভিতৰত ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণৰ লগতে ব্যক্তিগতভাৱে আহিও হিমাক বাসগৃহত বহু সংখ্যক ৰাইজে অভিনন্দন জনাইছিল। ধিং চহৰক সেউজীয়া আৰু প্ৰদূৰ্ষণমুক্ত কৰিবৰ বাবে হিমা ফেন ক্লাবে গ্ৰহণ কৰা বৃক্ষ ৰোপন কাৰ্যসূচীতো অংশ লৈছিল খেলুৱৈগৰাকীয়ে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক হিমাই জানিবলৈ দিয়া মতে, তেওঁ গুৱাহাটীৰ পৰা ১৭ ছেপ্টেম্বৰত দিল্লীলৈ উভতি যোৱাৰ কথা। এটা কোম্পানীৰ সৈতে তেওঁ স্বাক্ষৰিত হৈছে আৰু এই কোম্পানীটোৰ সৈতে দিল্লীত কিছু কাম আছে হিমাৰ। সেইখিনি কাম সম্পূৰ্ণ কৰাৰ পাছতেই তেওঁ উভতি আহিব পাটিয়ালাৰ  শিবিৰলৈ।

তাৰ পৰাই হিমাই বিদেশৰ ভাল প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নত প্ৰশিক্ষণৰ বাবে যোৱা কথা আছে বুলি জানিবলৈ দিয়ে। ইফালে, অসমলৈ তেওঁ সম্বৰ্ধনা ল'বলৈ অহা নাছিল বুলি উল্লেখ কৰি হিমাই কয়- অসমৰ ৰাইজৰ মৰম-চেনেহ বিচাৰিহে তেওঁ আহিছিল। ৰাইজে দিয়া এই আশীৰ্বাদকে লৈ হিমাই কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাব বুলিও জানিবলৈ দিয়ে। পুনৰবাৰ হিমাই কয়- তেওঁ সদায় সময়ৰ পাছতেই দৌৰে।