অসম

পদুলিত হেঁপাহৰ ভোগালীঃ দৰমহাৰ পৰা বঞ্চিত মাধ্যমিক অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক….

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: ৰাজ্যৰ কেইবাহাজাৰো শিক্ষকে এতিয়াও লাভ কৰা নাই দৰমহা। কেইবামাহো ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা এই শিক্ষকসকল হৈছে ঠিকা ভিত্তিক শিক্ষক। ৰাজ্যৰ ৪২৭০ গৰাকী ঠিকাভিত্তিক শিক্ষকে বিগত দুমাহে লাভ কৰা নাই দৰমহা। যাৰ বাবে এই ৪ হাজাৰৰো অধিক শিক্ষকে এতিয়া দৰমহা মুকলাই দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

দুটা মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকা মাধ্যমিক অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকসকলে নৱেম্বৰ আৰু ডিচেম্বৰৰ দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ দৰমহা আদায়ৰ দাবীত চৰকাৰক কৰ্ণগোচৰ কৰাৰ অৰ্থে ঠিকা ভিত্তিক শিক্ষক সন্থাই নগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সন্থাৰ প্ৰতিনিধি ইন্টু কাকতীয়ে কয় যে, আমি আন্দোলনৰ পক্ষত নাই ৷

তেওঁ কয়, ৰাজ্য চৰকাৰে আমাক কাম কৰি যাবলৈ কৈছে আমি কাম কৰি গৈছো ৷ দুমাহ হ'ল দৰমহা পোৱা নাই ৷ বিহু আহিছে ৷ দৰমহা নাপালে বিহু কেনেকৈ পালন কৰিম ? দৰমহা নোপোৱাৰ বিষয়টো চৰকাৰক অবগত কৰিবলৈকে আমি এই সংবাদ মেলখনৰ আয়োজন কৰিছো ৷

সন্থাৰ অভিযোগ শিক্ষা বিভাগৰ একাংশ বিষয়াৰ হেমাহিৰ বাবেই ঠিকা ভিত্তিক শিক্ষক সকলে দুমাহে দৰমহা লাভ কৰা নাই ৷ উল্লেখ্য এই যে নগাঁও জিলাত অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক আছে ৪২৮ জন ৷