অসম

মাদ্ৰাছা-সংস্কৃত টোলৰ পিছত এইবাৰ লখিমপুৰত হাইস্কুল বন্ধৰ নিৰ্দেশ…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: শিক্ষা বিভাগৰ এক আকস্মিক নিৰ্দেশনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে লখিমপুৰত। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰি দিয়া হ'ব বুলি কৰা ঘোষণাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে লখিমপুৰত ৩০ খনকৈ হাইস্কুল বন্ধৰ নিৰ্দেশত হাঁহাকাৰ লাগিছে উক্ত বিদ্যালয় সমূহৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ মাজত ।

শিক্ষা বিভাগে আকস্মিক ভাবে আপোন বিদ্যালয়খনক বৰ্তমানৰ স্থানৰ পৰা নি ৫-৬ কিলোমিটাৰ দূৰত্বৰ আন এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিব খোজা কাৰ্যত মৰ্মাহত হৈ পৰিছে শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল। উল্লেখ্য যে যোৱা ১১ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীৰ স্বাক্ষৰিত এক নিৰ্দেশনাত জিলা খনৰ ৩০ খনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ক সমীপৰ বিদ্যালয়ৰ সৈতে সংগলগ্ন কৰাৰ এক নিৰ্দেশনা জাৰি কৰে আৰু উক্ত নিৰ্দেশনাৰ পিছতে একাংশ বিদ্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

জিলাখনৰ গোসাঁইবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ক লেটকুপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ, জয়পুৰ পিছলা উচ্চ মাধ্যমিক বিদ্যালয়ক শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়লৈ, দেওটোলা উচ্চ মাধ্যমিক বিদ্যালয়ক খেৰাজখাত কণিষ্ঠ মহাবিদ্যালয়লৈ, দক্ষিণ ধলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ক কছুৱা এম পি উচ্চ মাধ্যমিক বিদ্যালয়লৈ, বৰবালি একাডেমীক বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ,নৱপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ক বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাকে ধৰি জিলাখনৰ ৩০ খন বিদ্যালয়ক একত্ৰিতকৰণৰ জৰিয়তে সংলগ্ন কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা শিক্ষা বিষয়া গৰাকীয়ে ।

একাংশ বিদ্যালয়ৰ শিক্ষক সকলৰ মতে ইখন বিদ্যালয়ৰ পৰা আনখন বিদ্যালয়ৰ মাজৰ দূৰত্ব প্ৰায় ৫/৬ কিলোমিটাৰ পৰ্য্যন্ত হ'ব । আনহাতে বহু বিদ্যালয়ৰ যাতায়ত ব্যৱস্থাও অতিকে শোচনীয় । সেয়েহে কণ কণ ছাত্ৰ ছাত্ৰী ৰ আগন্তুক দিনত হব পৰা সমস্যা সমূহৰ বিষয়ে চিন্তা কৰি বিমোৰত পৰিছে শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকলো ।

শিক্ষক তথা ৰাইজৰ অভিযোগ শিক্ষা বিভাগৰ এই নিৰ্দেশনা যদি কাৰ্যকৰী হয় তেন্তে অঞ্চলটোৰ শিক্ষাৰ্থী সকল শিক্ষা গ্ৰহণৰ পৰা যে বঞ্চিত হ'ব ই নিশ্চিত । আনহাতে ৰাইজৰ ত্যাগৰ বিনিময়ত গঢ়লৈ উঠা শিক্ষানুষ্ঠান খন চিৰদিনৰ বাবে নোহোৱা হৈ যোৱাটো কোনো কৰণতে মানি ল'ব পৰা নাই শিক্ষক-শিক্ষাৰ্থী সকলৰ লগতে অঞ্চলটোৰ ৰাইজে। শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ কথা ভাবি নিৰ্দেশনাটোক পুনৰ বিবেচনা কৰিবলৈ শিক্ষা বিভাগৰ প্ৰতি কাতৰ আহ্বান জনাইছে শিক্ষক,শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক সকলে ।