অসম

হিন্দু বিবাহিতা মহিলাই শাখা-সেন্দুৰ ল’ব নিবিচাৰিলে ধৰি লোৱা হ’ব বৈবাহিক সম্পৰ্কত থাকিব নিবিচাৰে!

asomiyapratidin

ডিজিটেল ডেস্কঃ আপুনিও বাৰু 'শাখা আৰু সেন্দুৰ' ব্যৱহাৰ নকৰে নেকি? যদিহে নকৰে আপোনাৰ বাবেও আহিব পাৰে বিপদ। ন্যায়ালয়ে আপোনাকো বিৱাহৰ প্ৰতি সন্মতি নাই অথবা স্বামীৰ সৈতে বিয়াত বহাত আপোনাৰ সমৰ্থন নাই বুলি গণ্য কৰিব পাৰে। শুনিবলৈ আচৰিত হ'লেও শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়ে তাকে সঁচা বুলি প্ৰমাণ কৰিছে। পত্নীয়ে 'শাখা আৰু সেন্দুৰ' ব্যৱহাৰ নকৰাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰি জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এজন লোকক বিচ্ছেদত অনুমতি দিছে ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰা শইকীয়াৰ বিচাৰপীঠে ৰায় প্ৰদান কৰি কয়, যদিহে হিন্দু বিবাহিত মহিলাই শাখা আৰু সেন্দুৰ ব্যৱহাৰ কৰিবলৈ অমান্তি প্ৰকাশ কৰে তেতিয়া তেওঁ স্বামীৰ সৈত বিবাহত সন্মতি নাই বুলি গণ্য কৰা হ'ব। তেওঁ স্বামীৰ সৈতে বিবাহিত জীৱন কটাবলৈ অমান্তি বুলিও গণ্য কৰা হ'ব।

উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰী, ২০১২ত হৈছিল বিচ্ছেদ বিচৰা দম্পত্তিহালৰ বিয়া। বিয়াৰ পাছতে স্বামী পৰিয়ালৰ সৈতে থকাৰ বাবে অমান্তি হৈছিল পত্নী। যাৰ ফলশ্ৰুতিত ৩০ জুন, ২০১৩ৰ পৰা দুয়োজনে পৃথকে-পৃথকে বাস কৰিছে। এসময়ত মহিলাগৰাকীয়ে স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে তেওঁক অত্যাচাৰ কৰা বুলি এটা গোচৰ ৰুজু কৰে। আদালতত পৰৱৰ্তী সময়ত স্বামীয়েও গোচৰ দিছিল। ফলশ্ৰুতিত সেই গোচৰে আহি গুৱহাটী উচ্চ ন্যায়ালয় পায়হি আৰু অৱশেষত লোকজনক ন্যায়ালয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে।