অসম

শিৱসাগৰৰ ৰূদ্ৰসিংহ উদ্যানত সংযোজিত হেৰিটেজ মিউজিয়াম

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ: সুদীৰ্ঘ দুটা দশকৰ অন্তত আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি হোৱা শিৱসাগৰৰ ৰূদ্ৰসিংহ উদ্যানত মঙলবাৰে সংযোজিত হয় এটা হেৰিটেজ মিউজিয়াম ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ তৎপৰতাত মুকলি হোৱা উদ্যানখনত আজি আনুষ্ঠানিক ভাৱে হেৰিটেজ মিউজিয়াটো মুকলি কৰা হয় ৷

উল্লেখ্য যে, অসম পৰ্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ উদ্যোগত আৰু বিধায়ক অখিল গগৈৰ সহযোগত বিগত বৰ্ষটোৰ ডিচেম্বৰ মাহত পৰ্যটনৰ বাবে মুকলি কৰা উদ্যানখনিত ইটোৰ পিছত সিটো সংযোজন কৰি পৰ্যটকক আৰ্কষিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ দিনে-নিশাই পৰ্যটকক আৰ্কষিত কৰিব পৰাকৈ জাতি-জনগোষ্ঠীয় নৃত্যৰ ব্যৱস্থা গঢ়ি তোলাৰ উপৰিও বটানিকেল গাৰ্ডেন, শিশু উদ্যান, জনগোষ্ঠীয় সাজপাৰৰ বিপনী,এৰী-মুগা পোহা দৃশ্য সন্নিবিষ্ট কৰাৰ লগতে অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰৰ ৰোস্তোৰা গঢ়ি তোলা হৈছে।

আনহাতে অসম পৰ্য্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ তত্ত্বাৱধানত ন ৰূপত ৰূদ্ৰসিংহ পাৰ্কত আজি মুকলি কৰা হয় এই হেৰিটেজ মিউজিয়াম।মিউজিয়ামটোত বিভিন্ন ধৰনৰ পৌৰাণিক সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে।পৰ্যটক সকলৰ বাবে সাঁচি পাতৰ পুথি, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন সময়ৰ মুদ্ৰা,অসমৰ প্ৰাচীনতম লোক কলা মুখাশিল্পৰ লগতে আহোম যুগৰ বিভিন্ন সা-সামগ্ৰী মিউজিয়ামত সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হৈছে।

অতি সুন্দৰ তথা নিশা হ'লে নান্দনিক ৰূপ ধাৰণ কৰা উদ্যানখনত শেহতীয়াকৈ সংযোজিত হেৰিটেজ মিউজিয়াম দেশী বিদেশী পৰ্য্যটকৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব ৷

আৰু পঢ়ক: দুখ নে হতাশা! পাৰ্থক্য কেনেকৈ জানিব আপুনি??