guwahati university
guwahati university 
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত ভাষাৰ ওজাক স্মৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত থকা ২০১৮ চনৰ মে' মাহত উন্মোচন কৰা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত তেখেতৰ জন্মজয়ন্তী উপলক্ষে সাদিন প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

উল্লেখ্য যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চয়ো 'কুসংস্কাৰ-অন্ধ বিশ্বাস বিৰোধী দিৱস'ৰ আয়োজন কৰে। সাদিন প্ৰতিদিন গোষ্ঠীৰ হৈ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ চন্দন গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তাৰিণী ডেকাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

হেমচন্দ্ৰ বৰুৱাহৰ জন্মজয়ন্তীত 'কুসংস্কাৰ-অন্ধ বিশ্বাস বিৰোধী দিৱস' হিচাপে পালন কৰি অহা ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি, উপ-সভাপতিকে আদি কৰি ভালেমান কাৰ্যকৰ্তা উপস্থিত হৈ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ চন্দ্ৰমোহন শৰ্মা অনুষ্ঠানত উপস্থিত থাকে। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক শংকৰ আৰু মাধৱৰ পিছত আধুনিক অসম নিৰ্মাণ কৰাৰ লগতে অসমীয়া ভাষা সংস্কৃতিৰ উ..কৰ্ষ সাধনৰ লগতে নতুন অসমীয়া সমাজ সৃষ্টি কৰা অন্যতম এজন খনিকৰ বুলি মন্তব্য আগবঢ়ায়।