অসম

হেলেমত মথাউৰি মেৰামতিৰ দাবীত পথ অৱৰোধ

asomiyapratidin

ডিজিটেল সংবাদ, হেলেমঃ ব্ৰহ্মজান নৈৰ উন্মুক্ত মথাউৰি মেৰামতিৰ লগতে একাধিক সমস্যা সমাধানৰ দাবীত শনিবাৰে পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম-অৰুণাচল সীমান্তৰ নলিনীবাৰী -কেঁকুৰিজানবাসীয়ে।

এঘণ্টাৰো অধিক সময় ধৰি পথ অৱৰোধ কৰাৰ অন্তত অৱৰোধস্থলীত আহি উপস্থিত হয় হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিমান দাস। বিষয়াজনৰ বুজনিত প্ৰতিবাদকাৰীসকলে ক্ষান্ত হৈ প্ৰতিবাদ উঠাই লয়। প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰীলৈ ৮টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে গাঁওবাসীয়ে।

এই দাবীসমূহৰ ভিতৰত আছে বান-বিধ্বস্ত কৃষক পৰিয়ালক ক্ষতিপূৰণ প্ৰদান, বালিয়ে পুতি পেলোৱা কৃষিভূমিসমূহ পুনৰ খেতিৰ উপযোগী কৰি তোলা আৰু বিধ্বস্ত বাট-পথসমূহ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰা।