অসম

অতুল বৰালৈ সকাহ, উচ্চতম ন্যায়ালয়ত খাৰিজ কেন্দ্ৰীয় সমিতিৰ বৈধতাক লৈ দিয়া গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম গণ পৰিষদ দলৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনৰ বৈধতাক প্ৰশ্ন তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত তোলা গোচৰ শুনানিৰ অন্তত ন্যায়ালয়ে খাৰিজ কৰে। ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত বৰ্তমানৰ অতুল বৰা নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনে দলীয় সংবিধান অনুসৰি ৩ বছৰলৈ কাৰ্য্যকাল চলাই নিব পাৰিব।

উল্লেখ্য যে, যোৱা ২৬, ২৭ আগষ্ট ২০২০ তাৰিখৰ কেন্দ্ৰীয় সাধাৰণ সভাখন অবৈধ বুলি যি গোচৰ তৰা হৈছিল এই গোচৰ সন্দৰ্ভত অসম গণ পৰিষদ দলৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, গৌতম চৌধুৰী আৰু নুৰচাদ আলমে।

বুধবাৰে অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত উপস্থিত থাকে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, উপ-সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকা, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস সহ অধিবক্তা বিজন মহাজন আৰু দলটোৰ যঠেষ্ট সংখ্যক কৰ্মকৰ্তা।