অসম

গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰথমবাৰৰ বাবে একাদশ হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞ আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ ২৭ শখন দেৱালয়ৰে সমৃদ্ধ ইতিহাসপ্রসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰথমবাৰৰ বাবে একাদশ হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞ দেওবাৰৰ পৰা আৰম্ভ হৈছে।চাইনিং গ্রীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কাৰ্যসূচী।

চাইনিং গ্ৰীণ আচিয়ানা ৱেলফাৰ ফাউণ্ডেশ্বনৰ উদ্যোগত সঞ্চালক ড° কিশোৰ হাজৰিকা জানিবলৈ পৰা মতে পূৰ্বতে গুপ্তকাশী বিশ্বনাথ ঘাটত বহু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞৰ দৰে অনুষ্ঠান হোৱা নাছিল। এই হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞৰ দ্বাৰা যাতে ইয়াত থকা দেৱ দেবালয় সমূহ পুনৰ উজ্জ্বিবীত হয় তাৰে আশা কৰিছে কিশোৰ হাজৰিকাই।

গুপ্তকাশী বিশ্বনাথ ঘাটত পৰ্যটকৰ বাবে যথেষ্ট স্থল আছে যদিও বিভিন্ন কাৰণত পিছ পৰি আছে। কিন্তু চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে আয়োজন কৰা এই হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞৰ দ্বাৰা পৰ্যটকৰ লগতে আধ্যাত্মিক দিশৰ পৰাও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী পৰ্যটন অনুৰাগীগৰাকী।

এই পবিত্র অনুষ্ঠানভাগত বিশ্বনাথবাসীৰ লগতে সমগ্ৰ ৰাজ্য বাসীৰ উপস্থিতিতি কামনা কৰিছে চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড০ কিশোৰ হাজৰিকাই। অনুষ্ঠান ভাগত সন্ধ্যা ভব্য ৰূপত গংগা আৰতি, কীৰ্তন ভজন তিনিও দিনত কৰা হব। ইতিমধ্যে আৰম্ভ হোৱা এই কাৰ্যসূচী ত যথেষ্ট সংখ্যক ভক্তৰ সমাগম আৰম্ভ হৈছে।