অসম

হাটশিঙিমাৰীৰ সৰদাৰপাৰা এল পি স্কুলত পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিদায়ী সভা, বিতৰণ বিনামূলীয়া পাঠ্যপুথি…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰ-সৰদাৰপাৰাত শনিবাৰে দিনজোৰা কাৰ্যাসূচীৰে বিদ্যালয় খনৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ মাজত বিদায়ী সভা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলক শিক্ষা বিষয়াই চৰকাৰী ভাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে।

উল্লেখযোগ্য যে, শনিবাৰে দিনৰ ১১ বজাৰ পৰা সৰদাৰপাৰা এল পি স্কুলত দিনজোৰা কাৰ্যসূচীৰে পঞ্চম শ্ৰেনীৰ শিক্ষাৰ্থী সকলৰ মাজত বিদায়ী সভা অনুষ্ঠিত হয়। বিদ্যালয় খনৰ শতাধিক শিক্ষাৰ্থীৰ লগতে অভিভাবক সকলৰ উপস্থিতিত এই বিদায়ী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানকাচৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ড০ আনিছুৰ ৰহমান।

আনহাতে বিদ্যালয় খনৰ দায়িত্বত থকা চিআৰচিচি আব্দুল মাতিন সৰকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাফেদ আলী আহমেদকে ধৰি প্ৰতিগৰাকী শিক্ষক,
স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি বিদায়ী সভা উলহ-মালহেৰে অনুষ্ঠিত কৰে।

একেদৰে এই বিদায়ী সভাখনৰ মাজতেই চৰকাৰী ভাবে ইতিমধ্যে মানকাচৰ শিক্ষা খণ্ডৰ পৰা যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি শনিবাৰে শিক্ষাৰ্থী সকলৰ মাজত আনুষ্ঠানিক ভাবে বিতৰণ কৰা হয়।মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ড০ আনিচুৰ ৰহমান শিক্ষাৰ্থী সকলক পাঠদান বিতৰণ কৰে।