অসম

মুল্যবৃদ্ধিৰ বিৰুদ্ধে হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰতিবাদঃ বিধায়কসহ আটক ১০৭

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ যোৱা কিছুদিন ধৰি দেশজুৰি অভাৱনীয় ভাবে পেট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি হোৱাক কেন্দ্ৰ কৰি আজি ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হাটশিঙিমাৰীত জিলা কংগ্ৰেছীয়ে অৱস্থান ধৰ্ণঘট কৰিবলৈ গৈ মানকাচৰৰ বিধায়ক সহ ১০৭ জন লোক আৰক্ষীৰ হাতত আটক হবলগীয়া হয়।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১ বজাত মহামায়ানগৰস্থিত ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মীয়ে মানকাচৰৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদকাৰী সকলে মুখত মাক্স লৈ সামাজিক দূৰত্ব বজাই ৰাখি হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি লৈ বিভিন্ন শ্লোগানেৰে হাটশিঙিমাৰীৰ আকাশ বতাহ কোপাই তোলে। মোদী চৰকাৰ হায়, হায়, পেট্ৰল, ডিজেলৰ মুল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক, মোদী চৰকাৰ গো ব্যক ইত্যাদি শ্লোগান দি প্ৰতিবাদী সমদলটো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আহি উপস্থিত হয়।

ইফালে জিলা অতিৰিক্ত আৰক্ষী ৰাজেন্দ্ৰ ওজাৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুদীপ্ত চৌধুৰীয়ে বিধায়ক ডাঃ মতিউৰ ৰহমান সহ মুঠ ১০৭ জন কংগ্ৰেছ কৰ্মীক আটক কৰি খাৰুৱাবান্ধা আৰক্ষী চকীলৈ নিয়ে।

কংগ্ৰেছী প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰিলেও আৰক্ষীৰ আওতাত থাকিয়ে বিভিন্ন শ্লোগান দি পেট্ৰল, ডিজেলৰ মুল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায়। অৱশ্য জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘটৰ দুঘণ্টীয়া সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত আৰক্ষীয়ে বিধায়ক সহ প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিয়ে। ইয়াৰ পাছত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ কমিটিয়ে।

মন কৰিবলগীয়া যে আৰক্ষীয়ে বিধায়ক গৰাকীক আটক কৰাৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত অপশাসন চলাই থকাৰ অভিযোগ তুলি বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল কয় যে আমি গণতান্ত্ৰিক ভাবে আন্দোলন কৰাৰ পাছতো চৰকাৰে আমাক কৰিব দিয়া নাই। চৰকাৰৰ এনে নীতি দূৰ্ভাগ্যজনক বুলি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে।