অসম

অসমৰ ভূমিত অৰুণাচলীয়ে স্থাপন কৰা ব্যৱসায়িক প্ৰতিস্থান উচ্ছেদ কৰিলে হাৰমতী বনাঞ্চলিক বিষয়াই…

asomiyapratidin

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ লখিমপুৰ জিলাৰ হাৰমতী বনাঞ্চলিক বিষয়াই অৰুণাচলৰ আগ্ৰাসন ৰোধৰ ক্ষেত্ৰত লৈছে কঠোৰ স্থিতি। শেহতীয়াকৈ শুকুৰবাৰে হাৰমতী বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মইনা জুলিত অৰুণাচলী লোকে স্থাপন কৰা এখন ব্যৱসায়িক প্ৰতিস্থান উচ্ছেদ কৰে বন।

বিষয়া নয়নজ্যোতি গগৈয়ে। বিষয়া গৰাকীয়ে মইনাজুলিৰ দৰে অসম অৰুণাচলৰ সীমামূৰীয়া অঞ্চলটোত লৈ অহা কঠোৰ স্থিতিয়ে ৰাইজকো নিৰাপত্তা প্ৰদান কৰাৰ লগতে অসমৰ ভূমি অৰুণাচলৰ হাতলৈ যোৱাটো প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে।