অসম

আছুৰ সভাপতিয়ে পিন্ধিলে গেৰুৱা সাজ! VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, হৰিশিঙাঃ ওদালগুৰিত ২ প্ৰাক্তন আছু নেতাই যোগ দিলে বিজেপিত। সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে ৰাজপথ কপাই তোলাৰ সময়তে আছুৰ প্ৰাক্তন সভাপতিয়ে পুনৰ বিজেপিত যোগদানে কৰাৰ কাৰ্যই বিশেষ গুৰুত্ব লাভ কৰিছে।

ওডালগুৰি জিলাৰ প্ৰাক্তন সভাপতি কিশোৰ বড়া আৰু কলাইগাওঁ আছুৰ প্ৰাক্তন সভাপতি মৃন্ময় হাজৰিকাই আনুষ্ঠানিকভাৱে যোগদান কৰে। বহু কেইগৰাকী দলৰ জ্যেষ্ঠ কৰ্মী লগতে শতাধিক কৰ্মীৰ উপস্থিতত প্ৰাক্তন নেতা দুগৰাকীয়ে যোগদান কৰে।

বিজেপিৰ সংবিধানৰ আওতাত থাকি দলৰ কাম কৰি যাম বুলি মন্তব্য কৰে তেওঁলোকে। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে একক ভাৱে খেলাৰ কথা স্পষ্ট কৰি দিয়ে ৰাজ্যিক কায্যনিৰ্বাহক সদস্য গৰাকীয়ে।