অসম

বিশিষ্ট প্ৰগতিশীল লিখক, প্ৰবীণ আইনজীৱি হৰিন মহন্ত আৰু নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট প্ৰগতিশীল লিখক, প্ৰবীণ আইনজীৱি হৰিন মহন্তৰ মঙলবাৰে পুৱা গুৱাহাটীৰ হায়াট হস্পাতালত দেহৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ। ডায়বেটিচ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত মহন্ত শেহতীয়াকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। অসুস্থ মহন্তক প্ৰথমে যোৰহাটৰে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অৱশেষত গুৱাহাটীলৈ লৈ অনা হৈছিল।

মাৰ্ক্স আৰু লেলিনবাদী আদৰ্শত বিশ্বাসী মহন্ত জনতাৰ সমস্যাক লৈ আছিল সদা সচেতন। অসমৰ জলন্ত সমস্যাসমূহক লৈ সাদিন, প্ৰতিদিনৰ লগতে অসমৰ প্ৰায় কেইখন বাতৰি কাকতত মহন্তই তথ্য সমৃদ্ধ তথা বিশ্লেষণাত্মক নিবন্ধ লিখিছিল। তেখেতৰ "যুক্তিয়ে হাৰ মানিলে যত " "সংবিধান, সাৰ্বভৌমত্ব আৰু ৰাজনীতি" আৰু বহু কেইখন গ্ৰন্থই আলোড়ণৰ সৃষ্টি কৰিছিল।

মহন্তৰ মৃত্যুত ৰাজ্যত শোক ছাঁ পৰাৰ লগতে মঙলবাৰে তেখেতৰ নশ্বৰ দেহত যোৰহাট উকীল সন্থাৰ কাৰ্যালয়ত পুস্পমাল্য অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। যোৰহাটৰ বহুস্থানত মহন্তক শেষ শ্ৰদ্ধা নিৱেদন কৰে অগণন গুণমুগ্ধই।