অসম

আত্মহত্যা নে দুৰ্ঘটনা? হৰেন বৰাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ হৰেন বৰাৰ পৰিয়ালৰ একাংশই এই ঘটনাক আত্মহত্যা বুলি চলা প্ৰচাৰক অস্বীকাৰ কৰিছে। সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত হৰেন বৰাৰ আত্মীয়-স্বজনৰ হৈ নকাটনী গাঁৱৰ ধূলা বৰা আৰু প্ৰেম গোঁহায়ে মন্তব্য কৰিছে যে- 'এই ঘটনা পৰিকল্পিত আত্মহত্যা নহয়।

হৰেন বৰাৰ পৰিয়ালৰ মৃত্যু মৰ্মান্তিক। ই দুৰ্ঘটনাৰ বাদে আন একো নহয়।' বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন 'ৰহস্যত দিখৌৰ ট্ৰেজেডীঃ কোনে ক'লে এয়া হৰেণ বৰাৰ আত্মহত্যা…' প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়েও নিজাকৈ এক গোচৰ ৰুজু কৰিছে।

গৌৰীসাগৰ থানাত এই গোচৰ ৰুজু কৰা হৈছে বুলি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক জনাইছিল গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। আমি বিচাৰো এই ঘটনাৰ সঠিক তদন্ত হওঁক। পোহৰলৈ আহক এয়া দুৰ্ঘটনা নে আত্মহত্যা।