অসম

আজি হনুমান জয়ন্তী: মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভক্তৰ সমাগম...

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি হনুমান জয়ন্তী। হিন্দু ধৰ্মালম্বী লোকসকলে ভগৱান ৰূপে মানি অহা হনুমানৰ জন্ম দিনটোত অতীজৰে পৰা পালন কৰি আহিছে এই হনুমান জয়ন্তী। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি চ’ত পূৰ্ণিমাত এই হনুমান জয়ন্তী পালন কৰা হয় যদিও দক্ষিণ ভাৰতত এই জয়ন্তী পালনৰ নিজা সময় সূচী আছে।

অধিকাংশই চ’ত পূৰ্ণিনাত পালন কৰি অহা এই হনুমান জয়ন্তীয়ে সুকীয়া স্থান পাই ভক্তৰ মাজত। দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি পালন কৰা হৈছে হনুমান জয়ন্তী। গুৱাহাটী মহানগৰীতো দেখা গ’ল হনুমান জয়ন্তীৰ ব্যাপক আয়োজন। মহানগৰীৰ বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিছিঙা সোঁত।

কি বেলতলা, কি গণেশগুৰি অথবা কি নিউ গুৱাহাটী! মহানগৰীৰ প্ৰতিটো হনুমান মন্দিৰত পুৱাৰ পৰা দুপৰীয়া লৈ ভক্তৰ আগমন ঘটিয়েই আছে। গণেশগুৰিৰ কামেশ্বৰ হনুমান মন্দিৰতো দেখা গ'ল হনুমান জয়ন্তী উপলক্ষে ভক্তৰ সমাগম। গুৱাহাটী মহানগৰীৰ নিউ গুৱাহাটীৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ ও মনসা সিদ্ধি আশ্ৰম সমিতিৰ উদ্যোগতো আয়াজন কৰা হৈছে হনুমান জয়ন্তী। ১৯৬২ চনতেই প্ৰতিষ্ঠা হোৱা এই মন্দিৰটোৰ প্ৰতিষ্ঠাৰ কালৰে পৰা ৰাম ভক্ত হনুমানৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছে।

উল্লেখ্য যে, সম্ভৱত মহানগৰীৰ এইখনেই একমাত্ৰ পূজাস্থলী য’ত মন্দিৰৰ জন্ম লগ্নৰে পৰা অসমীয়া লোকে এই পূজা পৰিচালনা কৰি আহিছে। প্ৰায় ৬১ বছৰ গৰকা এই মন্দিৰটোৰ এই বছৰৰ পৰিচালনা সমিতিত আছে সভাপতিৰ দ্বায়িত্বত খনিন্দ্ৰ চৌধুৰী, সাধাৰণ সম্পাদক মানিক দাস, উপদেষ্টা নিপু তালুকদাৰ, জ্যেষ্ঠ সদস্য ৰূপক ভট্টাচাৰ্য তথা বিত্তীয় বিভাগত নিত্যা কলিতা আৰু গৌতম শইকীয়া।