অসম

চীনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব উশ্বু চেম্পিয়নশ্বিপত যোগদান কৰিবলৈ অৰ্থৰ অভাৱ সন্মা ব্ৰহ্মৰ, সহায়ৰ আহ্বান পিতৃৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ হালোৱাদল নিৱাসী তথা কটন কলেজৰ স্নাতক তৃতীয় ষাণ্মাষিকৰ ছাত্ৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বুত কেবাটাও স্বৰ্ণপদক প্ৰাপ্ত সন্মা ব্ৰহ্ম আজি অৰ্থৰ অভাৱৰ বাবেই বিশ্ব উশ্বু চেম্পিয়নশ্বিপত যোগদান কৰিবলৈ গৈ থমকি ৰবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অহা ১৭ অক্টোবৰৰ পৰা চীনৰ চাংহাইত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া বিশ্ব উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ সন্মা ব্ৰহ্মই লাভ কৰিছিল যদিও এতিয়া অৰ্থৰ অভাৱত বিশ্ব উশ্বু চেম্পিয়নশ্বিপত যোগদান কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

সম্প্ৰতি মধ্যপ্ৰদেশৰ ভূপালত প্ৰশিক্ষণ লৈ থকা সন্মা ব্ৰহ্ম একপ্ৰকাৰ হতাশাত ভূগিছে আৰু নিজৰ ১২ বছৰীয়া ক্ৰীড়া জীৱনৰ এয়াই আটাইতকৈ কঠিন সময় বুলি মত প্ৰকাশ কৰিছে। উল্লেখ্য যে, অৰ্থৰ সন্ধানত সন্মা ব্ৰহ্মৰ পিতৃ বিটিচিৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে যদিও ক্ৰীড়া বিভাগেও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই।

এগৰাকী প্ৰতিভাৱান, ৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও স্বৰ্ণপদক বিজয়ী সন্মা ব্ৰহ্মৰ দৰে খেলুৱৈক সহায় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বল কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।