অসম

বৰপেটা জিলাৰ হজযাত্ৰী সকলৰ দুদিনীয়া প্ৰশিক্ষণ সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ ২০১৯ চনৰ বৰপেটা জিলাৰ বাবে নিৰ্বাচিত হজযাত্ৰী সকলৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ হাউলীৰ হোমাত দেওবাৰে সফলতাৰে সম্পন্ন হৈ যায়। অসম চৰকাৰ আৰু ৰাজ্যিক হজ সমিতিৰ নিৰ্দেশনা মৰ্মে আৰু বৰপেটা জিলা হজ সমিতিৰ উদ্যোগত তথা হোমা পৰিচালনা সমিতিৰ সহযোগত ৮ আৰু ৯ জুনত দুদিনৰ বাবে আয়োজিত প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত সাধন চন্দ্ৰ সৰকাৰে আৰু আদৰণি ভাষণ আগবঢ়ায় হোমা পৰিচালনা সমিতিৰ সম্পাদক ছফিকুল ইছলামে।

বৰপেটা জিলাত এইবাৰৰ বাবে নিৰ্বাচিত ২১৭ গৰাকী হজযাত্ৰীৰ বাবে আয়োজিত প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে আব্দুল হালিম¸ ছুৰত জামাল¸ আমজাদ হুছেইন আৰু সাহজাহান আলী আহমেদে।

দুদিনীয়া হজযাত্ৰী সকলৰ প্ৰশিক্ষণ শিবিৰ সফলতাৰে সমাপ্ত হোৱাত জিলা প্ৰশাসন আৰু হজযাত্ৰী সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে হোমাৰ পৰিচালনা সমিতিৰ সম্পাদক ছফিকুল ইছলামে।