অসম

শিক্ষকতাৰ লগতে ঠিকা,ৰাজনীতিতো জড়িত! নিলম্বিত হ'ল চৰকাৰী শিক্ষক

Asomiya Pratidin

ডিজিটেল ডেস্ক: হাইলাকান্দিত এগৰাকী চৰকাৰী শিক্ষকক নিলম্বন কৰে হাইলাকান্দিৰ জিলা প্রাথমিক শিক্ষা বিষয়াই। নিলম্বিত সহকাৰী শিক্ষক গৰাকীৰ নাম আশিস দাস।

শিক্ষকগৰাকী ৮০৭ নং আপিন আৰ এ প্রাথমিক বিদ্যালয়ত কৰ্মৰত অৱস্থাত আছিল। অভিযোগ অনুসৰি তেওঁ শিক্ষকতাৰ লগতে ঠিকা,বিভিন্ন ব্যৱসায়, ৰাজনীতিৰ লগতো জড়িত আছিল।

আয়তকৈও অধিক সম্পত্তি থকাৰো অভিযোগ আশিস দাসৰ বিৰুদ্ধে । গুণোৎসৱৰ সময়ত শিক্ষামন্ত্রীক সাক্ষাৎ কৰিছিল আশিস দাসে আৰু সাংসদ কৃপানাথ মল্লাৰ প্রতিনিধি বুলি নিজকে পৰিচয় দিছিল।