অসম

উত্তপ্ত হাইলাকান্দিত ‘শান্তি’ৰ নামেৰে সম্প্ৰীতি সমদল… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰমাৎ শান্ত হ'বলৈ ধৰিছে ৰাজপথৰ নামাজাক লৈ হঠাতে উত্তপ্ত হৈ উঠা হাইলাকান্দিৰ পৰিস্থিত। ৰাজপথত নামাজ পঢ়াৰ ঘটনাক কেন্দ্ৰ কৰি হঠাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ জৰিয়তে উত্তপ্ত হৈ উঠা হাইলাকান্দিত উত্তেজিত ৰাইজক চৰ্ত ভংগ দিবলৈ আৰক্ষীয়ে কৰা গুলীচলনাৰ ফলত এজন লোকৰ মৃত্যু হোৱাত ১১ মে'ৰ পৰা উত্তপ্ত হৈ উঠে বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ চহৰখন।

ফলত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিব লগা হয়। সান্ধ্য আইন আৰু সেনা নিয়োগৰ পাছতো পৰিস্থিতি সাম নকটাৰ বাবে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই চাৰিদিন ধৰি তাত বাহৰ পাতি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অপ্ৰাণ চেষ্টা কৰিব লগাত পৰে।

নিৰ্বাচনকালীন সময়তে উপত্যকাটোত সংঘটিত এই ঘটনাই চুবুৰীয়া ৰাজ্যতো প্ৰভাৱ পেলায়। ইফালে সান্ধ্য আইনৰ ফলত চহৰখনৰ বাসিন্দাসকলৰ মাজত খোৱা-বোৱা, চিকিৎসা আদিক লৈ এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইয়াৰ মাজতে দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ বিপৰীতে প্ৰেম-ভাতৃত্বৰ এক উজ্বল দৃষ্টান্ত দাঙি ধৰে মুছলমান সম্প্ৰদায়ৰ এজন অট' চালক মকবুল হুছেইন লস্কৰে। উল্লেখযোগ্য যে, ১২ মে'ৰ দিনা চহৰখনৰ ৰুবন দাসৰ পত্নী সন্তানসম্ভৱা নন্দিতা দাসে প্ৰসৱ যান্ত্ৰনাত চটফটাই আছিল যদিও, সান্ধ্য আইন জৰ্জৰিত অঞ্চলটোত তেওঁক চিকিৎসালয়লৈ নিব পৰা পৰিস্থিতি নাছিল। আনকি কোনো লোক বাহিৰলৈ ওলাই তেওঁলোকৰ ঘৰলৈ অহাও নাছিল।

ফোনৰ জৰিয়তে ভাৰাতীয়া টেক্সী, ১০৮, অ'টৰিক্সা আদি বিচাৰি ৰুবন দাস অসহায় হৈ পৰিছিল। তেনে এক মৰ্মান্তিক সময়ত মানৱীয়তাৰ অনুকৰণীয় চানেকি দাঙি ধৰি নিজৰ জীৱনৰ বাজীৰে অট'ৰিক্সাখন লৈ ওলাই আহিছিল হুছেইন লস্কৰ। আৰু নিজৰ যি হয় হ'ব বুলি যান্ত্ৰনাত চটফটাই থকা মহিলাগৰাকীক স্বামীসহ অট'খনত উঠাই লৈ চিকিৎসালয় পোৱাইছিল গৈ।

সৌভাগ্যক্ৰমে বাটত অৰ্ধসামৰিক বাহিনীৰ সন্মুখত নপৰাকৈ চিকিৎসালয়ত উপস্থিত হ'বলৈ সক্ষম হোৱা নিৰাপদে প্ৰসূতীগৰাকীয়ে এটি সন্তানৰ জন্ম দিবলৈ সক্ষম হয়। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাপূৰ্ণ চহৰখনতো ধৰ্ম কেন্দ্ৰিক সংঘাতৰ বিপৰীতে বহু লোকৰ মূৰত মানৱীয়তাৰ চিন্তা অংকুৰিত হয়। কিয়নো ইতিমধ্যে এই খবৰ স্থানীয় কাকতত প্ৰকাশ পোৱাৰ লগে লগে ফেচবুকৰ জৰিয়তে বিভিন্ন লোকে ইতিবাচক দৃষ্টিভংগীৰে ভাইৰেল কৰিছিল।

ইয়াৰ দ্ৰুত প্ৰভাৱ পৰে হাইলাকান্দিত। লগে লগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো অট'চালক লস্কৰক লগত লৈ ৰুবন দাসৰ ঘৰত উপস্থিত হৈ নৱজাতক আৰু প্ৰসূতীগৰাকীৰ খবৰ লোৱাৰ লগতে আৰক্ষী অধীক্ষকে নিজে সন্তানটিক কোচত লৈ মৰম কৰাৰ উপৰিও দুই যুৱকক গামোচাৰে আদৰণিও জনায়।

অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজতে জন্ম পোৱা সন্তানটিৰ নাম 'শান্তি' ৰখাৰ সিদ্ধান্ত লয় চুবুৰীয়াই। ইয়াৰ পাছত শুকুৰবাৰে জিলা উপায়ুক্তই শান্তিৰ নামেৰেই হাইলাকান্দিলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত ৰাইজক লৈ দুপৰীয়া এক 'শান্তি সমদল' বাহিৰ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তাৰ মাজত এই শান্তি সমদল উলিয়ালেও বহু সংখ্যক সাধাৰণ লোকে শান্তি সমদলত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ভাগ লৈ জিলা খনলৈ শান্তি ঘূৰাই অনাৰ বাবে ৰাইজৰ প্ৰতি মুকলি আহ্বান জনায়।