অসম

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজতে এমাহ বাকী থকা অৱস্থাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তই শিলগুটি দি আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰৰ উল্টাপানী শিৱ মন্দিৰত হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰীয়ে পূজা কৰি অহাৰ সময়তে সন্ধিয়া বাটতে দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ কৰে।

এএছ-১৬-ই-০০০৯ নম্বৰৰ লেণ্ড ক্ৰুইজাৰ ভি এক্স ভি ৮ গাড়ীখনত সন্ধিয়াৰ ভাগত ৰাজপথৰ নিৰ্জম ঠাইত দুৰ্বৃত্তই শিলগুটিৰে আক্ৰমণ কৰাত গাড়ীখনৰ আগফালৰ আইনাৰ অলপ ক্ষতি হয় যদিও গাড়ীখনত থকা হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰী, দুই পুত্ৰ ক্ৰমে- জান মহিলাৰী (৮) আৰু জিউ মহিলাৰী (৮) ৰক্ষা পৰে।

গাড়ীখনৰ চালক গেমনা মহিলাৰীয়ে জনোৱা মতে, সন্ধিয়া ৫-৩০ বজাত উল্টাপানী শিৱ মন্দিৰৰ পৰা ৭/৮ কিলোমিটাৰ পথ অতিক্ৰম কৰা অহাৰ সময়ত ১৫/১৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই অতৰ্কিতে গাড়ীখনত আক্ৰমণ চলায়৷ সেই সময়ত গাড়ীখনৰ গতিবেগ ৫০/৬০ কিলোমিটাৰ আছিল৷

এই ঘটনাই কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিচি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উক্ত ঘটনাৰ আঁৰত বিপিএফৰ নেতা ৰতনলাল বসুমতাৰীয়ে বিৰোধীপক্ষ জড়িত আছে বুলি দাবী কৰিছে। ইতিমধ্যে আইজি অনুৰাগ আগৰৱাল আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে পৰিস্থিতৰ বুজ লৈছে।