অসম

কেব কি? কেবৰ সম্পৰ্কে কবলৈ একো নাই! মোৰ গাড়ীয়ে ক’লা, পতাকা দেখুৱাই লাভ নাইঃ হাগ্ৰামা মহিলাৰী

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ অসমবাসীৰ প্ৰতিবাদক আওকাণ তৰি কেন্দ্ৰীয় কেবিনেটত অনুমোদন হোৱা কেবক লৈ ৰাজ্য জুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় কেবিনেটত অনুমোদন হোৱাৰ পাছতো কেব কি নাজানো বুলি উদ্ভত মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। বুধবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সংসদভৱনত অনুষ্ঠিত হৈছিল কেবিনেটৰ বৈঠক। কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ পাছতে অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে।

কেবিনেটৰ বৈঠকত বিধেয়কখনে অনুমোদন লাভ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তেনে সময়তে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে মাজবাটত অনুস্থিত হোৱা বিপিএফৰ কৰ্মী সভাত উপস্থিত হৈ সাংবাদিকৰ আগত দায়সৰা মন্তব্য কৰে। তেওঁ কয় যে, "কেব কি নাজানো, কেবৰ সম্পৰ্কে কব লগা নাই। কেব ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ সমস্যাৰ দৰে সমাধান হ'ব লাগে। কেবৰ প্ৰভাৱ নপৰে বিটিচিত।" বুলি সাংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে।

ইয়াৰ ওপৰিও হাগ্ৰামা মহিলাৰীক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'লা পতাকা প্ৰদৰ্শন কৰাক লৈ কয় যে, "মোক ক'লা পতাকা দেখুৱাই লাভ নাই। মোৰ গাড়ীয়ে ক'লা।" ইফালে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কেবৰ সম্পৰ্কে অতি কৌশলী মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, "কেব আমাৰ কাৰণে বেয়া হ'ব নালাগে, ভালে হ'ব লাগে।"

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া বৃদ্ধি পাইছে বিপিএফ দলৰ মাজত তৎপৰতা। বিপিএফ দলৰ কাৰ্যকৰ্তা সকলক লৈ বুধবাৰে মাজবাটৰ সাংস্কৃতিক মঞ্চত অনুস্থিত হয় কৰ্মী সভা। বিপএফ দলৰ এই কৰ্মী সভাত অংশ গ্ৰহণ কৰে ওদালগুৰি জিলাৰ বিপিএফ কৰ্মী সকলে। এই কৰ্মী সভাত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিপিএফ দলৰ নেতা ৰিহণ দৈমাৰী, মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো, পাচনৈ চেৰফাং সমষ্টিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী, বিটিচি পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ লগতে প্ৰায় দহ শতাধিক বিপএফ দলৰ কৰ্মী।