অসম

পাচলিৰ দোকানৰ সন্মুখত অৰাজক পৰিস্থিতি, বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ পাচলিৰ বজাৰত হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবে কামৰূপ জিলা প্ৰশাসনে তৎকালে কাৰ্যকৰী হোৱাকৈ সকলো পাচলিৰ দোকান বন্ধৰ ঘোষণা কৰিছে। উল্লেখ্য যে, জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি পাচলিৰ বজাৰসমূহ খুলিবলৈ দিছিল যদিও পুৱাৰে পৰাই বজাৰ সমূহত গ্ৰাহকৰ এনে ভৰি লাগে যে পূৰ্বৰ নিৰ্দেশ বাতিল কৰিবলৈ বাধ্য হয়।

গুৱাহাটীৰ বিভিন্ন স্থানত পাচলি ক্ৰয় কৰিবলৈ অহা লোকসকলে বিক্ৰেতাৰ দোকানৰ সন্মুখত উবুৰি খাই পৰিছিল। যি সময়ত সামাজকি দুৰত্ব বজাই ৰখাৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল সেই সময়তে পাচলিৰ দোকানৰ সন্মুখৰ এই ভিৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বজাৰসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।

https://www.facebook.com/asomiya.pratidin/videos/556716658307088/

উল্লেখ্য যে, গুৱাহাটীৰ ৭ স্থানত শুকুৰবাৰে যোগান বিভাগৰ নিৰ্দেশত পাচলি বিক্ৰী কৰিছিল প্ৰশাসনে। ৭ খন বাহনৰ সহায়েৰে বিক্ৰী কৰা হৈছিল পাচলি। পুৱাৰে পৰা বজাৰ খোলাৰ পিছতে সামগ্ৰী ক্ৰয় কৰাৰ বাবে বহু লোকে ভিৰ কৰে।