অসম

গুৱাহাটী প্ৰেছ ক্লাৱৰ বিশেষ সাধাৰণ সভাত ভংগ পূৰ্বৰ সমিতি

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সুদীৰ্ঘ ১৭ বছৰৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সভা। মহানগৰীত কৰ্মৰত ২২৩ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীৰ উপস্থিতিত আৰু প্ৰাক্তন সভাপতি সঞ্জীৱ ফুকনে সভাপতিত্ব কৰা সভাখনত নৱ ঠাকুৰীয়া আৰু সঞ্জীৱ ফুকনৰ নেতৃত্বাধীন পূৰ্বৰ সমিতিখনক অকৰ্তৃত্বশীল হিচাপে ঘোষণা কৰাৰ লগতে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰাৰ লগতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত নোহোৱা লৈকে গুৱাহাটী প্ৰেছ ক্লাৱ পৰিচালনা কৰিবৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰা হয়। বিশিষ্ট সাংবাদিক পি জে বৰুৱাক মুখ্য আহ্বায়ক হিচাপে লৈ গঠিত সমিতিখনৰ আন সদস্যসকল হ'ল সঞ্জীৱ ফুকন, প্ৰাণজিৎ শইকীয়া, সুশান্ত তালুকদাৰ আৰু চেমিম চুলতানা আহমেদ। ইয়াৰ পিছতে সৰ্বসন্মতীক্ৰমে গ্ৰহণ কৰা হয় ১৫ টাকৈ প্ৰস্তাৱ।

সেই প্ৰস্তাৱ অনুসৰি পূৰ্বৰ ১৭ বছৰীয়া কাৰ্যকালৰ হিচাব নিৰীক্ষণৰ বাবে এখন ৩ জনীয়া সমিতি গঠন কৰা হয়। এই সমিতিৰ সদস্যসকল হ'ল মৃণাল তালুকৰদাৰ, সুশান্ত তালুকদাৰ আৰু পৰাগমণি আদিত্য। এই সমিতিখনে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তদুপৰি অতিশীঘ্ৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন অনুস্থিত কৰিবৰ বাবে নিৰ্বাচনী সমিতি গঠন কৰা হয়।

জ্যেষ্ঠ সাংবাদিক অজিত পাটোৱাৰীক প্ৰিজাইডিং বিষয়া হিচাপে লৈ গঠিত সমিতিখনৰ আন সদস্যসকল হ'ল সুনীল বৰা, গালিবুৰ ৰহমান, অনুপম নাথ, দুৰ্গা ঘোষ। নিৰ্বাচনী সমিতিয়ে পৰৱৰ্তী নিৰ্বাচনৰ ভোটাৰ তালিকা আৰু দিন ঘোষণা কৰিব। ইফালে জ্যেষ্ঠ সাংবাদিক পি জে বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন সাধাৰণ সভাত গুৱাহাটী প্ৰেছ ক্লাৱকৰ সংবিধানৰ কেবাটাও দফা সংশোধন কৰা হয়। এই সংশোধনী অনুসৰি পূৰ্বৰ ৫ টা পদবীৰ পৰিৱৰ্তে এইবাৰ ১০ টা পদবীৰ বাবে নিৰ্বাচন অনু্ষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰে উপ-সভাপতি আৰু সহঃ সাধাৰণ সম্পাদকৰ এটা পদ মহিলাৰ এটা সংৰক্ষিত কৰা হ'ব। নতুন কাৰ্যনিৰ্বাহক সমিতিখন হ'ব ১৫ জনীয়া। উল্লেখ্য যে, কাৰ্যনিৰ্বাহকে দায়িত্বগ্ৰহণ নকৰা পৰ্যন্ত গুৱাহাটী প্ৰেছ ক্লাৱৰ সকলো দায়িত্ব সুশান্ত তালুকদাৰক অৰ্পন কৰা হয়। বৃহস্পতিবাৰৰ সাধাৰণ সভাত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা, মুনীন বায়ন, প্ৰাণজিৎ শইকীয়া, নিতুমণি শইকীয়া, প্ৰণয় বৰদলৈ, খগেন কলিতা, পৰাগমণি আদিত্য, জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা, মনোৰম গগৈ, মৃণাল তালুকদাৰ, অজিত পাটোৱাৰী, ভবেন দত্ত, পাৰ্থদেৱ গোস্বামী, ৰত্না ভৰালী তালুকদাৰ, পলাশ খাউণ্ডকে ধৰি ২ শতাধিক সাংবাদিক উপস্থিত থাকে।

ইফালে গুৱাহাটী প্ৰেছ ক্লাবৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গুৱাহাটী প্ৰেছ ক্লাৱক গণতান্ত্ৰিক তথা সংবিধানিক ভাৱে নতুনকৈ পৰিচালনা কৰাৰ বাবে প্ৰেছ ক্লাবৰ এচাম সদস্য তথা সাংবাদিকে অনুষ্ঠিত কৰা বৃহস্পতিবাৰে পুৱাবেলাৰ সভাখনে লোৱা প্ৰচেষ্টা সম্পৰ্কত আলোচনা কৰা হয়। যোৱা সোতৰটা বছৰে প্ৰেছ ক্লাবৰ নিৰ্বাচন তথা কাৰ্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত নোহোৱা পৰিস্থিতিৰ ওপৰতো সভাত আলোচনা কৰা হয়।

সভাই প্ৰেছ ক্লাবক নতুনকৈ পৰিচালনা কৰা প্ৰচেষ্টাৰ প্ৰতি আদৰণি জনায় আৰু নতুন প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহকৰ অন্তৱৰ্তীকালীন পৰিচালনাৰ বাবে স্বকীয়ভাৱে নতুনকৈ বৃহস্পতিবাৰৰ সাধাৰণ সভাই সিদ্ধান্ত লোৱাত বৰ্তমানৰ কাৰ্যনিৰ্বাহকখন ভংগ কৰি দিয়া হয়।

বৃহস্পতিবাৰে শেষত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনকে ধৰি সংবিধান সংশোধনলৈকে সকলো ধৰণৰ কামকাজ যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বৰ্তমানৰ সংবিধানখনৰ নিৰ্দেশনা অনুযায়ী পৰিচালনা কৰা হয় তাৰ বাবে বিয়লি অনুষ্ঠিত সভাই আশা প্ৰকাশ কৰে। সভাত গীতাৰ্থ পাঠক, সঞ্জীৱ কুমাৰ ফুকন, মানস কুমাৰ মহন্ত, বেদব্ৰত লহকৰ, পবিত্ৰ কুমাৰ ডেকা, দীপাংকৰ দেৱ শৰ্মা, নৱ ঠাকুৰীয়া, মুকুল কলিতা আৰু সবিতা লহকৰে ভাষণ দিয়ে। সভাখন পৰিচালনা কৰে বিমান চন্দ্ৰ হাজৰিকাই।