- মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত ২ জনক সোধ-পোছৰ বাবে আটক।
- বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
- আকাশ চৌধুৰীৰ ভাষ্যৰ ভিত্তিত আন এজন ব্যক্তিক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
- আনহাতে আকাশ চৌধুৰীৰ পত্নীৰ মোবাইলৰ তথ্যৰ ভিত্তিত কেইবাজনো লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।
- শেহতীয়া তথ্য অনুসৰি ননীগোপাল বৰুৱাৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ নোহোৱা হৈছে।
- এই নথি-পত্ৰসমূহৰ ভিতৰত সম্পত্তিৰ নথি-পত্ৰ বুলি সন্দেহ কৰা হৈছে।
- ফৰেনছিকৰ সহায়ত ক্ৰাইম বাঞ্চ, চি আই ডি আৰু মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
- আনহাতে বৃদ্ধ দম্পতিৰ কনিষ্ঠ কন্যা মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে।