অসম

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত ৰে’ল আৰক্ষীৰ অভিযান, জব্দ ৪খন সোণৰ বিস্কুট

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী ৰে'লৱে ষ্টেচনত চৰকাৰী ৰে'ল আৰক্ষীৰ অভিযান। সোমবাৰে অভিযানকালত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুটসহ এজনক আটক কৰিবলৈ সক্ষম হয়৷ লোকজনৰ পৰা জব্দ কৰা হৈছে ৬৬৪ গ্ৰাম ওজনৰ ৪ খন সোণৰ বিস্কুট৷

ধৃত লোকজন হাৰিয়ানাৰ তছবিৰ সিং বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, লোকজন ডিমাপুৰৰ পৰা দিল্লীলৈ গৈ আছিল। ইফালে জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ২৪ লাখ হ'ব বুলি অনুমান কৰা হৈছে। সম্প্ৰতি ৰে'ল আৰক্ষীৰ জিম্মাত আছে লোকজন। ঘটনাৰ সংক্ৰান্তত লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে।

কিছুদিনৰ পৰা চৰকাৰী ৰে'ল আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অপৰাধীৰ বিৰুদ্ধে অভিযান। গুৱাহাটী ৰে'ল ষ্টেচনত কোবাকোটি টকাৰ বিভিন্ন সা-সামগ্ৰী জব্দ হৈছে মাত্ৰ অক্টোবৰ মাহতে।

অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত প্ৰায় দুকুৰী চুৰি বুলেট উদ্ধাৰ কৰাৰ পিছত পুনৰ ৰে'ল আৰক্ষীয়ে পিষ্টল আৰু গুলী উদ্ধাৰ কৰে। ইয়াৰ লগতে কেবা কুইন্টল গাঞ্জা, কেবাটাও মোবাইল, বিদেশী সুৰা, নিচাজাতীয় টেবলেট ইত্যাদিও ৰে'ল আৰক্ষীয়ে অক্টোবৰ মাহত জব্দ কৰিছে।

উল্লেখ্য যে, অপৰাধমূলক কাৰ্য ৰুধ কৰাৰ বাবে চৰকাৰী ৰে'ল আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিটো ৰে'ল ষ্টেচনতে দেখিবলৈ পোৱা যাব চৰকাৰী ৰে'ল আৰক্ষী অসমৰ অধীক্ষকৰ ফোন নম্বৰ। অপৰাধমূলক কাৰ্য কোনো লোকৰ দৃষ্টিগোচৰ হ'লে অধীক্ষকগৰাকীক প্ৰত্যক্ষভাৱে কোনো লোকে জনাব পাৰিব। অথবা কোনো লোক বিপদত পৰিলেও তেখেতক ফোনযোগে জনাব পাৰিব।