অসম

মহানগৰীত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ আসক্তৰ দলে প্ৰাণঘাটি আক্ৰমণ চলালে যুৱকৰ ওপৰত…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক প্ৰাণঘাটি আক্ৰমণ। মহানগৰীৰ শিলপুখুৰীৰ গগৈ টাৱাৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এগৰাকী যুৱকক কেইবাজনো যুৱকে দলীয়ভাৱে আক্ৰমণ কৰাৰ লগতে চুৰীৰে আক্ৰমণ কৰিছে।

ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আহত যুৱকজনক জি এম চি এইছলৈ প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে অৱশ্যে আহত যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। প্ৰাৰম্ভিক খবৰ মতে ড্ৰাগছ আসক্ত এদল যুৱকে এই প্ৰাণঘাটি আক্ৰমণ সংঘটিত কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে বুধবাৰে পুৱাই বামুণীমৈদামৰ ভাস্কৰনগৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। এটা বস্তাত ভৰাই পেলাই থোৱাৰ অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰিছিল মৃতদেহটো। মৃতদেহটোৰ মুখত আছিল আঘাতৰ চিন।

দিনটোৰ আৰম্ভণিতে এইদৰে মহানগৰীৰ দুটাকৈ স্থানত এনে অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পিছতে পুনৰবাৰ মহানগৰীৰ নাগৰিকৰ সুৰক্ষাৰ দিশটোক লৈ চৰ্চা চলিছে।