guwahati
guwahati 
অসম

২১ নৱেম্বৰত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আয়োজন কৰিছে চাহ শ্ৰমিক সংসদৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২১ নৱেম্বৰত দিনৰ ১১ বজাত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আয়োজন কৰিছে চাহ শ্ৰমিক সংসদৰ। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'বলগা এই অনুষ্ঠানত কেইবাটাও বিষয়ৰ ওপৰত এক আলোচনা কৰা হ'ব।

উক্ত সংসদত ৰাজ্যখনৰ চাহ শ্ৰমিকৰসকলৰ নূন্যতম মজুৰি, মাটি-ভেটিৰ অধিকাৰ তথা অন্যান্য আইনী প্ৰাপ্যৰ ওপৰত আলোচনা কৰা হ'ব বুলি বুলি এক বিবৃতিত জানিবলৈ দিয়ে। এই অনুষ্ঠানত অসমৰ চাহ শ্ৰমিক তথা জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন, বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰিব।