অসম

গুৱাহাটী কৰ্মাচ কলেজৰ এন এছ এছৰ গ্ৰীষ্মকালীন ইন্টাৰ্নিশ্বিপ অভিযানক ৰাইজৰ প্ৰশংসা…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী কৰ্মাচ কলেজৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ গ্ৰীষ্মকালীন ইন্টাৰ্নিশ্বিপ ২.০ অভিযান মঙলবাৰে অন্ত পৰে। ৫০ ঘন্টীয়া এই আচঁনিৰ প্ৰগ্ৰেম অফিচাৰদ্বয় ড০ স্বেতা পেগু আৰু ড০ সুমধুৰ গয়ৰ তত্বাৱধানত বিভিন্ন কাৰ্যসূচীত মুঠ ৩৫ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।

চলিত বৰ্ষৰ জুলাই মাহত আৰম্ভ হোৱা এই অভিযানকালত স্বেচ্ছাসেৱক সকলে কলেজ চৌহদৰ পৰিষ্কাৰকৰণৰ উপৰি কলেজৰ সমীপৰ অঞ্চলত ঘৰে ঘৰে গৈ প্লাষ্কিকজাতীয় সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। কেৱল এয়াই নহয় স্বেচ্ছাসেৱক তথা শিক্ষাৰ্থীসকলে মহানগৰৰ বিভিন্ন স্থানত পথৰ কাষৰ দেৱালত আকৰ্ষণীয় ছবি অংকন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।