অসম

গুৱাহাটীৰ পৰিপুষ্টিবিদ ড০ বাসন্তি বাৰোভাক ‘ফুড হিৰ’ অফ ইণ্ডিয়া’ৰ সন্মান…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰিপুষ্টিবিদ ড০ বাসন্তি বাৰোভাক 'ফুড হিৰ' অফ ইণ্ডিয়া'ৰ সন্মান প্ৰদান কৰা হৈছে। ভাৰতৰ পৰম্পৰাগত খাদ্যজ্ঞান আৰু পৰিপুষ্টি শিক্ষাৰ ক্ষেত্ৰত শিশুপুষ্টি আৰু অৱদান নিৰ্মূলৰ ক্ষেত্ৰত ড০ বাসন্তি বাৰোভাক স্বীকৃতি প্ৰদান কৰা হৈছে। দিল্লীৰ চেণ্টাৰ ফৰ কোৱালিটি এণ্ড ফুড ছেফটিয়ে তেওঁলৈ আগবঢ়াইছে এই সন্মান।

খাদ্য আৰু কৃষি সংস্থা আৰু কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ উপস্থিতিত এক অনুষ্ঠানত ড০ বাসন্তি বাৰোভাক প্ৰদান কৰা হয় এই সন্মান। ড০ বাসন্তি বাৰোভা হৈছে অসম মিক্সৰ প্ৰস্তুতকৰ্তা। অসম মিক্সৰ জৰিয়তে তেওঁ শৈক্ষিক গৱেষণাৰ পৰা উৎপাদিত ভাৰতৰ প্ৰথম বাণিজ্যিক স্তন্যপান মিশ্ৰণ, যি অসমৰ স্থায়ীয়ভাৱে উপলব্ধ খাদ্যৰ পৰা তৈয়াৰ কৰা হয়।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে বাণিজ্যিক স্তন্যপান মিশ্ৰণ সামগ্ৰীটো তিনি দশকধৰি নিদানিকভাৱে পৰীক্ষা কৰা হৈছিল আৰু শিশুৰ পুষ্টিহীনতা হ্ৰাস কৰাত যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।ইয়াক সমগ্ৰ দেশৰ পুষ্টি সম্পৰ্কীয় কাৰ্যসূচীত নিয়োজিত কৰাৰ বাবে চেভ দ্য চিল্ড্ৰেন, ৱৰ্ল্ড ভিজন, অক্সফামৰ লগতে চৰকাৰী সংস্থাসমূহে ব্যাপকভাৱে ব্যৱহাৰ কৰিছে। অসম মিক্স গুৱাহাটীত নিৰ্মাণ কৰা হয়।

ড০ বাসন্তি বাৰোভা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু পুষ্টি বিভাগৰ মুৰব্বী। তেওঁ ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীতো পদত অধিষ্ঠিত আছে। ইয়াৰ উপৰিও, তেওঁ একাধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান, নীতি নিৰ্ধাৰণ আৰু প্ৰশাসনিক সংস্থাৰ সদস্য।উত্তৰ-পূবত পুষ্টিগত প্ৰফাইলিং আৰু অঞ্চলটোত খাদ্য সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰচাৰৰ ক্ষেত্ৰত ড০ বাৰোভা এক আগশাৰীৰ ব্যক্তি। তেওঁ গুৱাহাটীত অৱস্থিত স্বদেশ নামৰ এটা বেচৰকাৰী সংগঠনো চলায়, যি মাতৃ আৰু শিশুৰ পুষ্টিবিকাশৰ দিশত কাম কৰে।