অসম

ঘোষণা হ'ল গুণোৎসৱ-২০২৪ৰ ফলাফল

Asomiya Pratidin

ডিডিটেল ডেস্কঃ ঘোষণা হল ২০২৪ বৰ্ষৰ গুণোৎসৱৰ ফলাফল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষা বিভাগৰ এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুণোৎসৱৰ ফলাফল সমূহ ঘোষণা কৰে। অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

ৰাজ্যৰ বিদ্যালয়সমূহৰ উৎকণ্ঠাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱ-২০২৪ ৰ ফলাফল ঘোষণা কৰে। ২০২৪ বৰ্ষৰ গুণোৎসৱত প্ৰথম স্থানত শিৱসাগৰ, দ্বিতীয় স্থানত ডিব্রুগড় আৰু তৃতীয় স্থানত যোৰহাট । সমান্তৰালভাৱে, এই অনুষ্ঠানতে গুণোৎসৱ ২০২৩ ত এ+(প্লাছ) লাভ কৰা ১২ হেজাৰ ৪৭ খন বিদ্যালয়ক পাৰিতোষিক প্ৰদান কৰা হয়। ইয়াৰোপৰি এই অনুষ্ঠানতে শিক্ষা বিভাগৰ অধীনত ৯২ সহকাৰী অধ্যাপকক নিযুক্তিপত্র প্ৰদান কৰা হয়। ৩৭ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তিপত্র প্ৰদানে মুখ্যমন্ত্ৰীয়ে । উল্লেখযোগ্য যে এই বিশেষ অনুষ্ঠানতেই গুণোৎসৱৰ ওপৰত নিৰ্মাণ কৰা তথ্য সম্বলিত ভিডিঅ’ মুকলি কৰা হয়।

উল্লেখযোগ্য যে ২০২৪ৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল। এই গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি লৈ আৰম্ভনি কৰিছিল। এই জিলা কেইখনত চলিত বৰ্ষৰ ৩-৪ জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন বহিঃমূল্যায়ন অনুষ্ঠিত হৈছিল।

ইয়াৰোপৰি এইবাৰ গুণোৎসৱে ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগান আদর্শ বিদ্যালয়, আবাসিক বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি লয়। প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ মুঠ ৩,৯৬,৩৫৪ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা এইবাৰৰ গুণোৎসৱত ১৮০৯৮ গৰাকী বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হৈছিল।