কলিয়াবৰত গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ বিদ্যালয় পৰিদৰ্শন
কলিয়াবৰত গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ বিদ্যালয় পৰিদৰ্শন 
অসম

কলিয়াবৰত গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ বিদ্যালয় পৰিদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: চতুৰ্থ ৰাউণ্ডৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ শুক্ৰবাৰে তৃতীয় দিনা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু কলিয়াবৰৰ দুখনকৈ ঐতিহ্য মণ্ডিত বিদ‍্যালয়ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে । প্ৰথমতে ইয়াৰ হাটবৰস্থিত কলিয়াবৰৰ স্ত্ৰী-শিক্ষাৰ একমাত্র প্ৰতিষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালত উপস্থিত হৈ ছাত্ৰীসকলৰ প্ৰাতঃ সভাত উপস্থিত থাকি ছাত্ৰী সকলক উৎসাহিত কৰে।

ঐতিহ্যমণ্ডিত বিদ‍্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে কেনে ধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বাবেও বিদ‍্যালয়খনৰ চৌহদ পৰিভ্ৰমন কৰি সামগ্ৰিক বুজ লয় মন্ত্ৰীগৰাকীয়ে । ঐতিহ্যমণ্ডিত বালিকা বিদ্যালয় সমূহত ছাত্ৰৰ অন্তৰ্ভুক্ত লোৱা নহ'ব বুলি অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক মন্ত্ৰী পেগুৱে আজি কলিয়াবৰ বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলৰ মতামত লোৱাত ছাত্ৰীসকলে বিদ্যালয়খনত ছাত্ৰৰ অন্তৰ্ভুক্তি হ'ব নালাগে বুলি জানিব দিয়ে।

বিদ্যালয়খনত প্ৰথম বাৰৰ বাবে শিক্ষামন্ত্ৰী গৰাকীৰ প্ৰৱেশে শিক্ষক-ছাত্ৰীসকলক আনন্দ মুখৰ কৰি তোলা সময়ত বিদ্যালয় কৰ্তৃপক্ষই গামোচা, চেলেং চাদৰ আৰু শৰাইৰে সম্বৰ্দ্ধনা জনায়। ইয়াৰ পাছতে মন্ত্ৰী ৰনোজ পেগু কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জনোৱাৰ লগতে বিদ্যালয়ৰ আন্তঃগাথঁনিৰো বুজ লয় ।

ইফালে কুঁৱৰীটোল উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত দেশৰ প্ৰধান মন্ত্ৰীৰ নিৰ্দেশক উপলুঙা কৰাৰ দৰে ঘটনা সংঘটিত হোৱাত শিক্ষানুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জানিব পৰা মতে, বিদ‍্যালয় খনৰ শিক্ষকৰ ফটো আৰু নাম সম্বলিত ফলকখন স্থায়ী ভাৱে নলগাই কেইদাল মান সুতা ৰে বান্ধি ওলমাই দৃষ্টিকটুভাৱে থোৱাত শিক্ষা মন্ত্ৰী গৰাকীয়ে অধ‍্যক্ষ গৰাকীক ধমক দি কয় অসমৰ প্ৰাক্তন মুখ‍্যমন্ত্ৰী প্ৰফুল্ল মহন্তই পঢ়ি যোৱা বিদ‍্যালয়খনৰ এনে দৃশ্যই শোভা নাপায় ।

ইফালে কলিয়াবৰৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত আজি অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থিত হৈ মত-বিনিময় কৰে মন্ত্ৰীজনে ।

দুই-এক ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিয়ো সাধাৰণ জ্ঞানৰ মৌখিক টেষ্ট লয় মন্ত্ৰীজনে । ইয়াৰোপৰি চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীজনে ।