অসম

গুমীত শিশু শ্ৰমিক-বাল্য বিবাহ বন্ধ কৰা সন্দৰ্ভত সজাগতা সভা

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গুমীত সোমবাৰে দুপৰীয়া 'ৰাণী চাইল্ড লাইন'ৰ উদ্যোগত শিশু শ্ৰমিক ৰোধ আৰু বাল্য বিবাহ বন্ধ কৰা সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ জানিব পৰা মতে গুমীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতা সভাখন পৰিচালনা আৰু উদ্দেশ্য ব্যাখ্যা কৰে ৰাণী চাইল্ড লাইনৰ কৰ্মী মুস্তাফা আলীয়ে৷

সভাত ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা, ছয়গাঁৱৰ শ্ৰম পৰিদৰ্শক বিষয়া ধনেশ্বৰ তালুকদাৰ, জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতা, গুৱাহাটী ৰেলৱে চাইল্ড লাইনৰ প্ৰকল্প সমন্বয়ক অৱণী হালৈ, গুমী-বাংকাকাটা গাঁও পঞ্চায়তৰ সভাপতি তমিজ উদ্দিন, ৰাণী চাইল্ড লাইনৰ কৰ্মীদ্বয় অৱণী কলিতা, হীৰামণি ৰাভা, দীপশিখা কলিতা প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷

সভাত শলাগৰ শৰাই যাচে ৰাণী চাইল্ড লাইনৰ প্ৰকল্প সমন্বয়ক পিকুপৰ্ণ দাসে৷ সভাত অতিথিসকলে বাল্য বিবাহ আৰু শিশু শ্ৰমিক বন্ধ কৰা সন্দৰ্ভত ভাষণ আগবঢ়ায়৷