অসম

গোৱৰ্দ্ধনা শংকৰদেৱ শিশু নিকেতনৰ অচলাৱস্থা…

asomiyapratidin

ডিজিেটেল সংবাদ, শালমাৰীঃ বিদ্যা ভাৰতীৰ অধীনস্থ তথা শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত গোৱৰ্দ্ধনা শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদকৰ একনায়কত্ববাদৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ছাত্ৰ সংগঠনৰ কৰ্মীৰ লগতে একেখন নিকেতনতে শিক্ষাদান কৰা আচাৰ্য-আচাৰ্যা,অভিভাৱক-অভিভাৱিকা সকলে৷

অভিযোগমতে নিকেতনখনৰ সম্পাদক নাৰেন দাসে আজি প্ৰায় দহ বছৰ ধৰি নিকেতনৰ কোনো ধৰণৰ সভা-সমিতিৰ আহ্বান নকৰি নিজৰ খেয়ালখুচিমতে অনুষ্ঠানখন চলাই নি থকাত নিকেতনখন সৰ্বদিশতে পিছপৰি গৈ আছে৷ দুবছৰ পূৰ্বে ৫০০ ছাত্ৰ-ছাত্ৰী থকা নিকেতনখনত সম্প্ৰতি ৫০ জন ছাত্ৰ-ছাত্ৰীও নাই একমাত্ৰ সম্পাদক নাৰেন দাসৰ একনায়কত্ববাদৰ বাবে৷ নিকেতনৰখনৰ আচাৰ্য-আচাৰ্যা সকলৰ মাননিৰ ক্ষেত্ৰতো কোনোধৰণৰ সুসংগঠিত ব্যৱস্থা পৰিৱৰ্তন নকৰাত এতিয়া যেন গুৰুত্বহীন হৈ পৰিছে নিকেতনৰ শিক্ষাদান প্ৰক্ৰিয়াটো৷

কেৱল নিজৰ ঠিকা-ঠুকলিৰ কামতেই ব্যস্ত থকা সম্পাদক নাৰেন দাসে নিকেতনখনত কৰ্মৰত নিজৰ আচাৰ্যা পত্নীৰ মাননি বৰ্দ্ধনৰ 

বাদে আন সকলৰ কথা নাভাবে বুলিও অভিযোগ উত্থাপন হৈছে৷শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত নিকেতনখনত এইবোৰ ঘটি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈ কি কাৰণত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই তাকে লৈ সম্প্ৰতি আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ছাত্ৰ সংগঠনৰ কৰ্মীকে ধৰি অভিভাৱক অভিভাৱিকাসকলে৷