অসম

বাঘজানৰ অগ্নিকাণ্ডঃ অইলক ২৫ কোটি টকা অচিৰেই তিনিচুকীয়া জিলা দণ্ডাধীশৰ হাতত জমা দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাঘজানত অইল ইণ্ডিয়াৰ গেছ খাদত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণত ৰুজু কৰা গোচৰৰ ৰায় দি সেউজ ন্যায়াধীকৰণে অইল ইণ্ডিয়া লিমিটেডক শীঘ্ৰেই ২৫ কোটি টকা তিনিচুকীয়া জিলা দণ্ডাধীশৰ হাতত জমা দিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, এই ভয়াৱহ অগ্নিকাণ্ডৰ অইল ইণ্ডিয়াৰ বাঘজানত থকা এটা গেছ খাদত সংঘটিত হোৱাৰ পাছত কাষৰ অঞ্চলৰ বহু লোকৰ ঘৰ দুৱাৰ পুৰি চাৰখাৰ হোৱাৰ লগতে সমীপত থকা মাগুৰিবিল , ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আদিত যথেষ্ট সংখ্যক জীৱ জন্তুৰ প্ৰাণ নাশ হৈছে।

জীৱকুল আৰু পৰিৱেশৰ হোৱা এই ক্ষতি তথা জনস্বাৰ্থৰ প্ৰতি অহা ভাবুকি প্ৰাথমিক ক্ষতিপূৰণ হিচাপে অইল ইণ্ডিয়া কৰ্তৃপক্ষক ২৫ কোটি টকা তিনিচুকীয়া জিলা দণ্ডাধীশৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী সময়ত ক্ষয়ক্ষতি সন্দৰ্ভত চূড়ান্ত ৰায় দিব ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণে।

ন্যায়াধীশ এছ বি ৱাংদি আৰু সিমান্ত দাসৰে গঠিত এই সেউজ ন্যায়াধীকৰণৰ বিচাৰপীঠে অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ক্ষয়ক্ষতিৰ সন্দৰ্ভত প্ৰাথমিক প্ৰতিবেদন জমা দিবলৈ এখন ৮জনীয়া কমিটীও গঠন কৰি দিছে।এই কমিটীত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকী, চিপিচিবিৰ সদস্য সচিব , চিএছআইআৰ জ্যেষ্ঠ বিশেষজ্ঞ, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, বাঅ' ডাইভাৰচিটী বৰ্ডৰ প্ৰাক্তন সদস্য অভয় কুমাৰ দুহাৰী, অএনজিচিৰ প্ৰাক্তন অধ্যক্ষ অজিত হাজৰিকা, এছপিচিবিৰ জ্যেষ্ঠ বিজ্ঞানী আৰু তিনিচুকীয়া জিলাৰ জিলা দণ্ডাধীশ।

উল্লেখ্য যে, সেউজ ন্যয়াধীকৰণৰ বাঘজানত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত দুখনকৈ আৱেদন দাখিল কৰাহৈছিল। বনানী কক্কৰ আৰু ৰাজ্যখনৰ এটা বেচৰকাৰী সংস্থা ওৱাইল্ড লাইফ এণ্ড এনভাঅ'মেন্ট অবজাৰ্ভেচশ্যনে এই আৱেদন দাখিল কৰিছিল।

আৱেদনকাৰীয়ে অভিযোগ কৰিছিল যে, অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই ধৰণৰ দুৰ্যোগ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। গঠন কৰি দিয়া কমিটীয়ে এই গেছৰ খাদৰপৰা কেনেদৰে গেছ আৰু তেল নিৰ্গত হ'ল, ইয়াৰ ফলত সৃষ্টি হোৱা ক্ষয়ক্ষতি, জনস্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকি, মাটি-বায়ু আৰু পানীত হ'ব পৰা ক্ষয়ক্ষতি, ডিব্ৰু নৈত পৰা ইয়াৰ প্ৰভাৱ আদি বহু বোৰ বিষয় সামৰি ল'ব।