অসম

মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গ্ৰীণ আছাম আৰু গ্ৰীণ মৰিগাওঁ বঁটা প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাঁও মহাবিদ্যালয়ৰ আৰু এণ্টি গ্ল'ৱেল আৰু ওৱাৰমিং চচাইটিৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা অধ্যাপক ননি গোপাল মহন্ত আৰু USTM ৰ উপাচাৰ্য মেহবুবুল হক ৷

এই অনুষ্ঠানতে প্ৰদান কৰা হয় GREEN ASSAM আৰু GREEN MORIGAON বঁটা। GREEN ASSAM বঁটা লাভ কৰে University Of Science & Technology Meghalaya (USTM) আৰু GREEN MORIGAON বঁটা প্ৰদান কৰা হয় প্ৰকৃতি প্ৰেমি মঞ্চ অসমক। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভিন্ন স্তৰৰ ব্যক্তি উপস্থিত থাকে৷