অসম

ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল মহান সাহিত্যিক হোমেন বৰগোহাঞিৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হয় অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞি । বুধবাৰে ৰাতিপুৱা ৬.৫৮ বজাত জিএনআৰচিত মৃত্যু হয় বিশিষ্ট সাহিত্যিক গৰাকীৰ ।ৰাজ্যিক মৰ্যদাৰে কথাশিল্পী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহীৰূহ গৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ লগতে বিভিন্ন জনে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কথাশিল্পী গৰাকীক ।

বিশিষ্ট সাহিত্যিক গৰাকীৰ মুখাগ্নি কৰে তেখেতৰ বৰপুত্ৰই । মহানগৰীৰ বিভিন্ন স্খানত তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যত তেখেতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে । ঢকুৱাখনাত জন্মগ্ৰহন কৰিছিল বিশিষ্ট কথাশিল্পী গৰাকীয়ে । তেখেতৰ মৃত্যুত ম্ৰিয়মান হৈ পৰে সমগ্ৰ ঢকুৱাখনা বাসী ।