অসম

টুইটাৰত ৰিপুন বৰা-জি পি সিঙৰ বাকযুদ্ধ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত তৃণমূল কংগ্ৰেছৰ সভাপতি আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বাকযুদ্ধই এতিয়া চৰ্চা লাভ কৰিছে। টুইটাৰযোগে (এক্স) তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক উদ্দেশ্যি গণতান্ত্ৰিক প্ৰতিবাদ সন্দৰ্ভত এক প'ষ্ট কৰে। এই বিভ্ৰান্তত সামাজিক মাধ্যমত চৰ্চাৰ সৃষ্টি হৈছে। ৰিপুন বৰাৰ টুইটৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁৰ উত্তৰত ২০১৯ চনত হোৱা কা বিৰোধী প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত উনুকিয়াই দি পুনৰ টুইট কৰে।

ৰাজ্যজুৰি 'কা' বলৱৎ হোৱা পিছতে  'কা'-বিৰোধী প্ৰতিবাদ ৰুধিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী । সোমাবাৰে 'কা' বলৱৎৰ পিচতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ১৬ টাকৈ বিৰোধী ঐক্যমঞ্চৰ মুৰব্বীলৈ জাননী প্ৰেৰণ কৰে । 'বিৰোধী ঐক্যমঞ্চ'ই আহ্বান কৰা 'সৰ্বাত্মক হৰতাল'ৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল । এই জাননী প্ৰেৰণৰ পিছতেই টুইটাৰত আৰম্ভ হৈছে ৰিপুন বৰাৰ আৰু জি পি সিঙৰ বাক্ যুদ্ধ।

উল্লেখযোগ্য যে 'কা' বলৱৎৰ পিচত ৰাজ্যজুৰি জাৰি কৰা হৈছে হাইএলাৰ্ট । ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে সাজু হৈ আছে অসম আৰক্ষী । লগতে প্ৰতিখন থানাকে সষ্টম হৈ থাকিবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে । মহানগৰীৰ ভিন্ন ঠাইৰ লগতে জনতা ভৱন, মন্ত্ৰী-বিধায়কৰ আৱাসৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী ।