অসম

উদ্বোধন নহওঁতেই গোৱালপাৰাত ভূত বাংলাত পৰিণত পৰ্যটন বিভাগৰ অতিথিশালা…

asomiyapratidin

ডিজিটেল সংবাদ,কৃষাই: চৌদিশে সিচৰিত হৈ আছে বুৰঞ্জীৰ বহুত আপুৰুগীয়া সমল৷ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালত নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অনেক লোক ৷বিভিন্ন স্থানৰ পৰা পৰ্যটকৰ সুবিধাৰ বাবে গোৱালপাৰা জিলাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ সমীপৰ ভীমাজুলীত ৰাজ্য খনৰ পৰ্যটন বিভাগে আজিৰ পৰা ছয় বছৰ পূৰ্বে কেইবা লখাধিক টকা ব্যায় কৰি এটা অতিথিশালা নিৰ্মাণ কৰিছিল ৷

আশা কৰা হৈছিল এই অতিথি শালাটোয়ে কৃষ্ণাইৰ লগতে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আহা পৰ্যটকৰ অসুবিধা দুৰ কৰিব ৷ কিন্তু দুখৰ বিষয় আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ছয় বছৰ পিছতো মুকলি নহল পৰ্যটন বিভাগৰ অতিথিশালা ৷

দুখ লগা বিষয়টো হল উদ্বোধন নকৰাকৈ জহিখহি যাব ধৰিছে এই অতিথিশালাটো ৷ হাবি জংঘলে আৱৰি থকা অতিথিশালাটো এতিয়া ভুত বাংলাত পৰিণত হৈছে ৷পৰ্যটকৰ ঠাইত ভুত বাংলাত এতিয়া মদাহী,জুৱাৰুৰ আড্ডা ৷

কি কাৰণত নিৰ্মাণ কাৰ্য সম্পুৰ্ণ হোৱাৰ ৬ বছৰ পিছতো ৰাইজৰ সুবিধাৰ বাবে মুকলি নহল এই অতিথিশালা সেয়া গোৱালপাৰাবাসীৰ বাবে এটা ডাঙৰ প্ৰশ্ন৷ হাবি জংঘলে আৱৰি থকা অতিথিশালাৰ বিভিন্ন সামগ্ৰী চুৰি হোৱাৰ লগতে জহিখহি গৈছে গৃহটো৷ ৰাইজে শীঘ্ৰেই অতিথিশালাটো পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে দাবী জনাইছে গোৱালপাৰাবাসীয়ে ৷