- গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দ্ৰুতবেগী ট্ৰেভেলাৰ বাহনে খুন্দা মাৰে পথৰ কাষতে থকা এজোপা গছত।
- দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰেভেলাৰৰ খুন্দাত গছ উভালি পৰাৰ লগতে চূৰ্ণ-বিচূৰ্ণ হয় বাহনখন।
- চালকৰ মইমতালিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
- দুৰ্ঘটনাত থিতাতে নিহত হয় ২ জনকৈ লোক, আহত হয় প্ৰায় ৩০ জন লোক।
- নগাঁৱৰ জুৰীয়ালৈ আহি আছিল বাহনখন।