অসম

গোৱালপাৰাত পুনৰ নাও দুৰ্ঘটনা,সন্ধানহীন ২ জন

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গোৱালপাৰা ৰাখালডুবিত ব্ৰক্ষপুত্ৰৰ এটা সুতিঁত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছতে মঙ্গলবাৰে পুনৰ গোৱালপাৰাৰ খানখোৱা চৰত এটি নাও দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱা পাছতে স্থানীয় ৰাইজে এজন লোকক প্ৰাণ ৰক্ষা কৰে যদিও বাকী দুজনৰ সন্ধান এতিয়ালৈকে পোৱা হোৱা নাই।মঙ্গলবাৰে সন্ধিয়া বতাহ-বৰষুণৰ সময়ত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত বিল্লাল হুছেইন আৰু আমিন খাতুন নামৰ এটি ডেৰ বছৰীয়া শিশু সন্ধানহীন হয়।

কাইলৈ পুৱা উদ্ধাৰ অভিযান চলাব উদ্ধাৰকাৰী দলে ।