অসম

গোৱালপাৰাৰ ভোট গণনাত ২৫ সহস্ৰাধিক লোকৰ সমাগম, পদপথ খহি ১০-১২ জন লোক আহত

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ আজি পুৱাৰে পৰা গোৱালপাৰা মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে। কিন্তু ভোট গণনা অতি লেহেমীয়া হোৱা বাবে দুপৰীয়া দুই বজালৈ প্ৰথম ৰাউণ্ডে শেষ হোৱা নাই। ইপিনে এই ভোট গণনাত প্ৰাৰ্থীকে ধৰি কাউন্টিং এজেন্ট আৰু হেজাৰ হেজাৰ সমৰ্থকে পুৱা পাঁচ বজাৰে পৰা জিলাখনৰ বিভিন্ন স্থানৰ পৰা ব্যাপক হাৰত বিভিন্ন লঘু,গুৰু আৰু বাইকেৰে গোৱালপাৰা চহৰত প্ৰৱেশ কৰিছে। অৱশ্যে আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষীয়ে বাইকৰ বাহিৰে লঘু আৰু গুৰু বাহণহমূহ চহৰৰ বি অ'চি পইন্টৰ পৰা ট্ৰান্সপ'ৰ্ট- কলেজ ৰোড লৈ প্ৰৱেশ কৰিব দিয়া নাই।

ট্ৰান্সপ'ৰ্টৰ পৰা কলেজ ৰোডলৈ যোৱা পথটো আৰক্ষীয়ে বেৰিকেড তৈয়াৰ কৰি বাইক প্ৰৱেশত বাধা দিছে ভিৰ নিয়ন্ত্ৰনৰ বাবে।তৎসত্বেও গণনাৰ খবৰ ল'বলৈ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত কেইবা হেজাৰ লোকৰ অভাবনীয় ভিৰ হৈছে।আৰক্ষী আৰু চি আৰ এফ বাহিনীয়ে মহাবিদ্যালয়ৰ সন্মুখৰ দুয়োফালে কটকটীয়া বেৰিকেড তৈয়াৰ কৰি প্ৰচণ্ড ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচষ্টা চলাই আছে। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে মোতায়েন কৰা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে মৃদু লাঠিচালনা কৰিছে যদিও ৰাইজক আঘাত কৰা নাই। এই অস্বাভাবিক ভিৰৰ বাবে মহাবিদ্যালয় তথা পীৰ মাজাৰৰ সন্মুখৰ পৌৰসভাৰ পদপথৰ শ্লেপ ভাগি পুৱা নমান বজাত দহৰ পৰা বাৰজন লোক নলাত সোমাই পৰিছে।

ফলত আটাইকেইজন লোক কম-বেছি পৰিমানে আহত হৈছে।ইয়াৰে তিনিজনৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।আহতসকলক এখন ব্যক্তিখত খণ্ডৰ চিকিৎসালয়ৈ নিয়া হৈছে।আহতসকলৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।আনহাতে ভোট গণনা চলি থকা মহাবিদ্যালয়ৰ সন্মুখৰ অস্বাভাবিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফে শূন্যলৈ কেইবাজাই গুলি চালনা কৰিবলৈও বাধ্য হৈছে বুলি খবৰ ভাইৰেল এই পৰিছে চহৰখনত সমাগম হোৱা হেজাৰ হেজাৰ ৰাইজৰ মাজত । এই সন্দৰ্ভত ঘটনাস্থলীত কৰ্তৱ্যৰত আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া আৰু স্থানীয় দোকান-পোহাৰ সমূহক সোধা-পোচা কৰাত শূন্যলৈ গুলিচালনাৰ ভাইৰেল হোৱা খবটোৰ কোনো সত্যাসত্য পোৱা নগ'ল।

গোৱালপাৰা সদৰ আৰু টাউন আৰক্ষীৰ বিষয়া দুজনেও গুলিচালনাৰ ঘটনাটোক উৰা বাতৰি বুলি মন্তৱ্য কৰিছে।আলক্ষীৰ সূত্ৰ এটিয়ে জানিব দিয়া মতে বৰ্তমান চহৰখনত পঁচিশৰ পৰা ত্ৰিশ হেজাৰ লোক গোট খাইছে আৰু কেইবা সহস্ৰাধিক লগু আৰু গুৰু বাহন চহৰত প্ৰৱেশ কৰিছে।সংবাদ প্ৰেৰণ কৰালৈকে ৰাইজ আৰু যানবাহণ ভিৰ অস্বাভাবিকভাৱে চহৰখনত বৃদ্ধি হৈ আছে।বিঅ'চি,কলেজ ৰোড,ট্ৰান্সপ'ৰ্ট,নয়াপাৰা,দোস্তিনগৰ আদি চহৰৰ মূল স্থানসমূহৰ ৰাজপথ,উপ-পথ, পদপথ,অট্তালিকা,দোকান-পোহাৰ আদি সকলো স্থানতে প্ৰচণ্ড ভিৰ হৈ থকা পৰিলক্ষিত হৈছে।লক্ষাধিক দুচকীয়া বাহণ চহৰৰ অলিয়ে-গলিয়ে ঠাহ খাই পৰিছে। ব্যক্তিগতভাৱে ব্যক্তিগত স্থানত বিশ টকা হাৰত পাৰ্কিঙো স্থাপন হোৱা পৰিলক্ষিত হৈছে।